NORTHEAST NOW (Assamese)

আছে নেকি প্ৰস্ৰাৱ ধৰি ৰখাৰ অভ্যাস? পৰিণাম হ’ব পাৰে অতি ভয়ংকৰ

December 12, 2025 6:35 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 11, 2025 10:26 pm

চাবলৈ গ’লে প্ৰস্ৰাৱ ধৰি ৰখাৰ ঘটনাটো আমাৰ বাবে এটা সাধাৰণ বিষয়। কিন্তু যদি কাৰোবাৰ প্ৰস্ৰাৱ ধৰি ৰখাটো অভ্যাস হৈ পৰে, তেন্তে আগতীয়াকৈ সাৱধান হওক। জটিল ৰোগে আপোনাৰ পিছে পিছে খেদি আহিছে।

সাধাৰণতে কিছু সময়ৰ বাবে প্ৰস্ৰাৱ ধৰি ৰাখিলে কোনো সুস্থ মানুহৰ ক্ষতি হোৱাৰ সম্ভাৱনা কম। কিন্তু, যদি এইটো কাৰোবাৰ অভ্যাসলৈ ৰূপান্তৰিত হয়, তেন্তে বিপদ অৱশ্যম্ভাৱী। এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মূত্ৰাশয়ত প্ৰায় ২ কাপ পৰ্যন্ত প্ৰস্ৰাৱ জমা হব পাৰে। সাধাৰণতে ১-২ ঘণ্টা ধৰি ৰাখিলে বৰ বেছি সমস্যা নহয়। কিন্তু দুঘণ্টা বা তাতকৈ অধিক সময় প্ৰস্ৰাৱ ধৰি ৰাখিলে সংক্ৰমণৰ আশংকা থাকে। যিসকলৰ এনে বেয়া অভ্যাস আছে, তেওঁলোক নানা ধৰণৰ ৰোগত আক্ৰান্ত হব পাৰে।

প্ৰস্ৰাৱত বেক্টেৰিয়া থাকে। মূত্ৰাশয়ত প্ৰস্ৰাৱ বেছি সময় ধৰি জমা হৈ থাকিলে সেই বেক্টেৰিয়াই দ্ৰুতগতিত বংশবৃদ্ধি কৰাৰ সুযোগ পায়। এই বেক্টেৰিয়াই মূত্ৰনলী, মূত্ৰাশয়, আনকি কিডনি পৰ্যন্ত সংক্ৰমণ ঘটাব পাৰে। মহিলাসকলৰ ক্ষেত্ৰত এই আশংকা তুলনামূলকভাৱে বেছি।

প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত মূত্ৰাশয়ৰ পেশীৰ ওপৰত বেয়া প্ৰভাৱ পৰে। মূত্ৰাশয় এটা নিৰ্দিষ্ট সীমালৈকে সম্প্ৰসাৰিত হব পাৰে। নিয়মিতভাৱে অতিৰিক্ত প্ৰস্ৰাৱ ধৰি ৰাখিলে মূত্ৰাশয়ৰ পেশী অতিৰিক্ত সম্প্ৰসাৰিত হৈ দুৰ্বল হৈ পৰে। ইয়াৰ ফলত মূত্ৰাশয় সম্পূৰ্ণৰূপে খালী হব নোৱাৰে। ইয়াক ইউৰিনেৰী ৰিটেঞ্চন (Urinary Retention) বোলা হয়। ভৱিষ্যতে, ইয়াৰ বাবে মূত্ৰাশয়ত বিষ বা প্ৰস্ৰাৱ কৰাত দীৰ্ঘদিনীয়া সমস্যা দেখা দিব পাৰে।

মূত্ৰাশয়ৰ চাপে কিডনিৰ ওপৰত প্ৰভাৱ পেলায়। দীৰ্ঘম্যাদী ক্ষেত্ৰত ই কিডনিৰ সমস্যাৰ কাৰণ হৈ থিয় দিব পাৰে। মূত্ৰাশয় যেতিয়া অতিৰিক্তভাৱে ভৰি পৰে, তেতিয়া প্ৰস্ৰাৱৰ চাপ ইমানেই বাঢ়ি যায় যে কিছু প্ৰস্ৰাৱ মূত্ৰনলীৰে ওলোটাফালে কিডনিলৈ ঘূৰি আহে। ইয়াৰ ফলত কিডনিত সংক্ৰমণ হয়। কিডনি বিকল হোৱাৰ আশংকা বৃদ্ধি পায়।

প্ৰস্ৰাৱত ইউৰিয়া, ইউৰিক এচিড, কেলচিয়াম আদিৰ দৰে খনিজ পদাৰ্থ থাকে। প্ৰস্ৰাৱ জমা হৈ থাকিলে এই পদাৰ্থবোৰ ক্ৰিষ্টেলৰ দৰে হৈ টান পাথৰৰ আকাৰ লয়। মূত্ৰাশয়ৰ পাথৰে তীব্ৰ বিষ, প্ৰস্ৰাৱত তেজ আৰু মূত্ৰনলীৰ পথ বন্ধ কৰি দিব পাৰে।

দীৰ্ঘদিন ধৰি প্ৰস্ৰাৱ ধৰি ৰখাৰ অভ্যাসৰ বাবে সঘনে মূত্ৰাশয়ত বিষ অনুভৱ হব পাৰে। ই কেৱল তাৎক্ষণিক অস্বস্তিয়েই নহয়, বৰং দীৰ্ঘম্যাদীভাৱে ক্ৰনিক পেলভিক পেইন (Chronic Pelvic Pain) বা মূত্ৰাশয়ৰ প্ৰদাহজনিত বিষৰ কাৰণো হব পাৰে।

যিসকলৰ এনে অভ্যাস আছে, তেওঁলোকে প্ৰস্ৰাৱৰ বেগ অনুভৱ হোৱাৰ লগে লগে বাথৰুম ব্যৱহাৰ কৰা উচিত। বিশেষকৈ, যিসকল লোকে কম পানী খায় আৰু মাজে মাজে প্ৰস্ৰাৱ ধৰি ৰাখে, তেওঁলোকৰ ক্ষেত্ৰত সংক্ৰমণ আৰু পাথৰ হোৱাৰ আশংকা আটাইতকৈ বেছি।

Related News