NORTHEAST NOW (Assamese)

শৌচালয়ত বহু সময় কটাই নেকি? সাৱধান, হ’ব পাৰে ভয়ানক ৰোগ।

April 13, 2023 11:34 am · এন ই নাও নিউজ, গুৱাহাটী

বহুতৰে এই অভ্যাসটো থাকে। ৰাতিপুৱা শৌচালয়ত সোমাই কুমুদত বহি লয়। তাৰপিছত বাতৰি কাকত, আলোচনী বা মবাইল ফোন চাই নাইবা বিভিন্ন কথাবোৰ ভাবি ভাবি যথেষ্ট সময় কটাই দিয়ে শৌচালয়তে। শৌচালয়ত বহি বাতৰিকাকত বা মবাইলত ইমান বিভোৰ হৈ পৰে যে কিমান সময় পাৰ হৈ গ’ল গমেই নাপাই।

বিশ্বব্যাপী কৰা এক সমীক্ষাত প্ৰায় ৭৩ শতাংশ লোকে শৌচাগাৰত নিজৰ ফোন ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰিছে। ১৮ৰ পৰা ২৯ বছৰ বয়সৰ লোকৰ মাজত এই সংখ্যা বহু বেছি।

বহুতে আকৌ শৌচালয়ত বহি দীঘলীয়া সময় কিবা কিবি ভাবি থাকি বা না না কথা কল্পনা কৰি থাকিবলৈ ভাল পায়। ইয়াৰো আছে এক সুকীয়া আমেজ।

আাপুনি এটা কথা জানেনে যে দীৰ্ঘ সময় ধৰি শৌচালয়ত বহি থকাৰ ফলত আপোনাৰ শৰীৰত দেখা দিব পাৰে কিছুমান জটিল ৰোগে।

শৌচালয়ত দীৰ্ঘ সময় বহি থকাৰ ফলত কি কি ৰোগ হ’ব পাৰে?

অৰ্শ ৰোগ

শৌচালয়ত বহু সময় বহি শৌচ কৰিবলৈ থাকিলে মলদ্বাৰৰ সিৰাবোৰত হেঁচা পৰে। যাৰ ফলত ইহঁত ফুলি উঠিব পাৰে আৰু বিৰক্তি বা বিষৰ সৃষ্টি কৰিব পাৰে। ফলত অৰ্শ ৰোগ সৃষ্টি হ’ব পাৰে। ইয়াক পাইল বা কেঁচুমূৰীয়আ বুলিও কোৱা হয়।

প্ৰস্ৰাৱৰ সংক্ৰমণ

শৌচাগাৰত বেছি সময় বহি থাকিলে প্ৰস্ৰাৱ নলীত বেক্টেৰিয়া জমা হ’ব পাৰেতাৰ পৰা সংক্ৰমণৰ সৃষ্টি হ’ব পাৰে। গতিকে ১০ মিনিটতকৈ অধিক সময় শৌচাগাৰত বহি থকাৰ পৰা বিৰত থাকক। লগতে সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সদায় নিজকে পৰিষ্কাৰ কৰি ৰাখক।

গুৰুতৰ স্বাস্থ্যজনিত সমস্যা শৌচাগাৰত ১০ মিনিটতকৈ অধিক সময় কটালে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ লক্ষণে দেখা দিব পাৰেযেনে আই বি এছ (ইৰিটেবল বৱেল চিনড্ৰম) বা ক্ৰ’ন’ছ ডিজিজ। আই বি এছ বা ক্ৰ’ন’ছ ৰোগীয়ে স্থায়ী ডায়েৰিয়া বা কোষ্ঠকাঠিন্যত ভুগিব পাৰে।

ইয়াৰ উপৰিও শৌচাগাৰত বেছি সময় কটালে প্ৰয়োজনতকৈ অধিক পানী ব্যৱহাৰ হয়, আৰু দৈনন্দিন কামকাজত ব্যাঘাত জন্মায়। বহুতে ৰাতিপুৱা শৌচাগাৰ কামত ইমান সময় কটাই যে স্কুলকলেজ বা কামলৈ যাবলৈ পলম হয়। ই অফিচলৈ যোৱা, স্কুললৈ যোৱা আদি দৈনন্দিন কামকাজত বাধা দিয়ে।

গতিকে শৌচাগাৰত অবাবত সময় নষ্ট কৰাৰ অভ্যাস আজিয়েই বাদ দিয়ক।

Related News