NORTHEAST NOW (Assamese)
অসম

প্ৰবাসী অসমীয়া তথা লুইতৰ পৰা টেমচলৈ দ্বিভাষিক আলোচনীৰ মুখ্য সম্পাদক ডাঃ কৰুণা সাগৰ দাস আৰু নাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2021 4:09 pm
akkar

সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিও অসমীয়া ভাষা-সাহিত্যৰ সেৱাত নিৰলস ভাবে লাগি থকা ব্যক্তি ডাঃকৰুণা সাগৰ দাস আৰু নাই।

আজি পুৱা ৫-৩০ মিনিটত তেখেতে লণ্ডনৰ শ্লাওত ইহলীলা সম্বৰণ কৰে ।এক দীঘলীয়া সময় ধৰি তেখেতে অসম আৰু অসমীয়াৰ সৰ্বোতোপ্ৰকাৰে হিত সাধনৰ বাবে নিৰৱছিন্নভাবে কাম কৰি গৈছিল।

হাজোৰ কুলহাটীত জন্মগ্ৰহণ কৰি কৃতী চিকিৎসক হিচাপে ৰেডক্ৰছ ছ’চাইটিত কৰ্মজীৱন আৰম্ভ কৰি ইংলেণ্ডলৈ গৈ বৃটিছ নাগৰিকত্ব গ্ৰহণ কৰে ।

প্ৰবাসত থাকিও অসম আৰু অসমীয়াৰ হকে সদায় চিন্তা কৰি থকা মানুহজনেই  আছিল ডাঃকৰুণা সাগৰ দাস ।সুদীৰ্ঘ বাইশ বছৰ ধৰি নিজৰ গাঁঠিৰ ধন খৰচ কৰি তেখেতৰ মুখ্য সম্পাদনাতে প্ৰকাশ পাই আহিছিল “লুইতৰ পৰা টেমচলৈ – Luit to Thames “নামৰ আলোচনীখন।

ডাঃভূপেন হাজৰিকাই তেখেতৰ বদান্যতাত সন্তুষ্ট হৈ সাগৰ উপাধিৰে বিভূষিত কৰিছিল।

অসমৰ বহু শিল্পী- সাহিত্যিকক তেখেতে লণ্ডনলৈ লৈ গৈ এক যোগসুত্ৰ স্থাপন কৰি অসমৰ উন্নতিৰ বাবে এক পথৰ সন্ধান কৰিছিল।

লণ্ডনত তেখেতে স্থাপন কৰিছিল গুৰুজনাৰ মনিকুট ।জন্ম দিছিল শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক সাংস্কৃতিক কেন্দ্ৰ।

এগৰাকী সঁচা অসমপ্ৰেমীৰ দেহাৱসানত মুক হৈ পৰিছে তেওঁৰ গুণমুগ্ধসকল।।

দুগৰাকী দুহিতা প্ৰণামী ,পাপৰিক লৈ  পত্নী অৰুন্ধতি দাসে অকলে লণ্ডনৰ শ্লাওত এই কঠিন সময়খিনি কেনেদৰে মোকাবিলা কৰিব সেই লৈও বহু চিন্তিত হৈছে তেওঁৰ শুভাকাংক্ষীসকল।