NORTHEAST NOW (Assamese)
অসম

মহিলা ৰোগীক নিৰ্যাতনৰ অভিযোগত NEIGRIHMS ত কৰ্তব্যৰত চিকিৎসকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2020 8:08 pm
মহিলা ৰোগীক নিৰ্যাতনৰ অভিযোগত NEIGRIHMS ত কৰ্তব্যৰত চিকিৎসকক গ্ৰেপ্তাৰ

চিকিৎসালয়ত দুগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজিঅ’নেল ইষ্টিটিউট অফ হেল্থ এণ্ড মেডিকেল চায়েঞ্চৰ এগৰাকী কৰ্তব্যৰত চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।

নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত চিকিৎসক গৰাকী চিকিৎসালয়খনৰ মেডিচিন বিভাগত কৰ্তব্যৰত জুতন চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, নিৰ্যাতনৰ সন্মুখিন হোৱা মহিলা দুগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা দাখিল কৰা অভিযোগৰ ভিত্তিতে চিকিৎসক গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

বৃহস্পতি বাৰে ৰাতিপুৱা চিকিৎসা প্ৰতিষ্ঠানখনলৈ মহিলা দুগৰাকীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে যোৱাৰ সময়তে চিকিৎসক গৰাকীয়ে চিকিৎসাৰ চলেৰে দুয়োগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল বুলি মহিলা দুগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে চিকিৎসক গৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে।