NORTHEAST NOW (Assamese)

সৰু সৰু তিলত লুকাই থাকে নেকি কেন্সাৰৰ বীজ? লক্ষণসমূহ চিনি পাওঁতে সাৱধান হ’বলৈ পৰামৰ্শ চিকিৎসকৰ

August 29, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 28, 2025 5:34 pm

প্ৰায় সকলোৰে শৰীৰত কম বেছি পৰিমাণে তিল থাকে। সৰু তিল এটাইও আমাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। কিন্তু আপুনি জানেনে যে কিছুমান ক্ষেত্ৰত এই তিলবোৰ ছালৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে?

বেছিভাগ তিল ক্ষতিকাৰক নহয়। ছালৰ এটা স্বাভাৱিক অংশ। গতিকে তাৰ পৰা কেন্সাৰ হোৱাৰ কোনো আশংকা নাই। কিন্তু কিছুমান ক্ষেত্ৰত তিলৰ ফলত কেন্সাৰ হব পাৰে। এই কেন্সাৰক মেলানোমা বুলি কোৱা হয়। ছালৰ বিশেষজ্ঞ ডাঃ জয়শ্ৰী দাসে বিষয়টো সন্দৰ্ভত কয়।

আমাৰ ভাৰতীয় ছালত মেলানোমাৰ প্ৰৱণতা তুলনামূলকভাৱে কম। ইউৰোপীয় বা বগা লোকৰ ক্ষেত্ৰত এই আশংকা বেছি। কাৰণ তেওঁলোকৰ ছালত মেলানিন কম থাকে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ ছালখন মেলানোমাৰ আশংকাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত।

আপোনাৰ শৰীৰত হয়তো বহুদিন ধৰি তিল এটা আছিল। কিন্তু আপুনি হঠাতে দেখিলে যে ই ডাঙৰ হৈ আহিছে বা ছালত বিয়পি পৰিছে। লগতে, যদি আপুনি লক্ষ্য কৰে যে তিলটোৱে হঠাতে ৰং সলনি কৰিবলৈ আৰম্ভ কৰিছে, তেন্তে সাৱধান হওক! যদি আপুনি এটা তিলত হঠাতে অস্বাভাৱিক পৰিৱৰ্তন দেখা পায়, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।

কিছুমান লক্ষণ

(১) আকাৰৰ পৰিৱৰ্তন: যদি হঠাতে এটা তিল বাঢ়িবলৈ আৰম্ভ কৰে।

(২) ৰং সলনি: যদি তিলৰ ৰং কলা, বাদামী বা আন যিকোনো ৰংলৈ সলনি হয়।

(৩) আকৃতিঃ যদি তিলৰ আকৃতি অসমান বা অনিয়মিত হয়।

(৪) ৰক্তক্ষৰণ: যদি কোনো তিলৰ পৰা হঠাৎ ৰক্তক্ষৰণ আৰম্ভ হয়।

(৫) বিষ আৰু খজুৱতি: যদি তিলৰ বিষ হয় বা খজুৱতি হয়।

তিলৰ পৰা তেজ ওলোৱাটো কেন্সাৰৰ লক্ষণ নেকি?

যদি হঠাতে তিল এটা বাঢ়ি তেজ ওলাবলৈ আৰম্ভ কৰে, তেন্তে সাৱধান হওক। এই ক্ষেত্ৰত তিলৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে, যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। যদি এনে লক্ষণ দেখা দিয়ে তেন্তে পলম নকৰাকৈ ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

মনত ৰাখিব, মেলানোমা সোনকালে ধৰা পৰিলে চিকিৎসা কৰিব পৰা যায়। গতিকে যদি আপোনাৰ শৰীৰৰ যিকোনো তিলৰ ওপৰত ওপৰৰ লক্ষণসমূহ দেখা পায় তেন্তে লগে লগে চিকিৎসকৰ সৈতে কথা পাতক।

Related News