NORTHEAST NOW (Assamese)
অসম

আশ্চৰ্যকৰ! কিশোৰীৰ পেটৰ পৰা বাহিৰ কৰা হ’ল ৪৮ ছেন্টিমিটাৰ দীঘল চুলি!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2021 12:30 pm
WhatsApp Image 2021-02-21 at 12.02.31 PM

শুনি আচৰিত যেন লাগিলেও এয়া বাস্তৱতে সংঘটিত হৈছে। কিশোৰীৰ সৈতে সংঘটিত হোৱা এই কাণ্ডৰ বাতৰি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।

আশ্চৰ্যজনকভাৱে, কিশোৰীগৰাকীয়ে গিলি পেলোৱা সেই চুলিডাল তাইৰ পেটৰ ভিতৰত ঘুৰণীয়া হৈ ৪৮ ছেন্টিমিটাৰ দীঘল আকৃতি লৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাত্ৰ ১৭ বছৰীয়া কিশোৰীগৰাকীৰ সেই চুলিৰ থোপাই পাকস্থলীৰ পৰ্দা ছিঙি পেলাইছে।

কিশোৰীগৰাকীৰ চুলিডালে সমস্ত পাকস্থলীতে আৱৰি আছিল। তাই ৰাপুনজেল ছিনড্ৰমৰ বলি হৈছিল। চুলি গিলাৰ ফলতেই মানুহৰ মাজত এই বিৰল ৰোগটো হয়। দুবাৰকৈ তাই জ্ঞান হেৰুৱাই পেলাইছিল। তাৰপাছতে তাইক হাস্পাতললৈ লৈ যোৱা হয়।

চিকিৎসকে তাইৰ পেটটোৰ ওপৰৰ অংশ ফুলি থকা দেখে। কিশোৰীগৰাকীয়ে যোৱা পাঁচমাহত কেইবাবাৰো পেটৰ বিষ অনুভৱ কৰিছিল।

বিগত দুমাহত তাই অধিক পেটৰ বিষত ভূগিছিল। চিটি স্কেনত ধৰা পৰিছিল যে তাইৰ পাকস্থলীত লাগি থকা পৰ্দাৰ আৱৰণ ফালি গৈছে আৰু ডাঙৰ কিবা বস্তু পাকস্থলীত আৱদ্ধ হৈ আছে।

কিশোৰীগৰাকীয়ে অভ্যালবশত: নিজেই নিজৰ চুলি টানি ছিঙি গিলি পেলাইছিল। এই ৰোগটোৰ নাম হৈছে ট্ৰাইকোটিলোমেনিয়া। চুলিডাল ইমান দীঘল আছিল যে সেইডালে তাইৰ পাকস্থলীৰ আকৃতি লৈছিল।

কিশোৰীগৰাকীক সাত দিনৰ পাছত হাস্পাতলৰ পৰা যাৱলৈ দিয়া হয়। কিন্তু বিষয়টোৱে বহুতৰ বাবে চিন্তাৰ উদ্ৰেক কৰিছে।