NORTHEAST NOW (Assamese)
Popular Stories

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 4, 2025 6:30 am

শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা দাবী ভাইৰেল হৈছে যে, ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০-৬৫০ কেলৰি জ্বলি যায়! কিন্তু সেয়া সঁচাকৈয়ে সঁচা নেকি? চিকিৎসকে কি কয়?

৩ ছেপ্টেম্বৰত ইনষ্টাগ্ৰামত এটা ভিডিঅত এনাস্থেচিয়া আৰু ইন্টাৰভেনচনেল পেইন মেডিচিন বিশেষজ্ঞ কুনাল ছুদে এই বিভ্ৰান্তিৰ বিষয়ে কিছু তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে, যদিও শৰীৰে তেজৰ অভাৱ পূৰণৰ বাবে শক্তিৰ ব্যৱহাৰ কৰে, তথাপিও ইয়াক সাধাৰণ অৰ্থত কেলৰি বাৰ্ন বা ওজন কমাব পৰা মিথ বুলি কব নোৱাৰি। অৰ্থাৎ এই তথ্যৰ আচলতে কোনো বৈজ্ঞানিক ভিত্তি নাই।

ডাঃ ছুডে কয় যে, ‘বহুতে শুনিছে যে তেজ দান কৰিলে ৫০০ কেলৰি নাইকিয়া কৰে। যদিও ই ভাল যেন লাগে, এই দাবীক সমৰ্থন কৰিব পৰা কোনো বৈজ্ঞানিক প্ৰমাণ নাই। শৰীৰে শক্তি ব্যৱহাৰ কৰি নতুন ৰক্তকণিকা সৃষ্টি কৰে। কিন্তু ই জিমলৈ গৈ কেলৰি জ্বলোৱাৰ দৰে নহয়।’

তেওঁ বুজাইছে যে ৰক্তদানৰ সময়ত শৰীৰে প্ৰায় ২.৫ ট্ৰিলিয়ন ৰক্তকণিকা হেৰুৱাই পেলায়। সেই কোষবোৰ হাড়ৰ মজ্জাত পুনৰুত্পাদন হৈ প্ৰতি ছেকেণ্ডত প্ৰায় ২০ লাখ নতুন ৰক্তকণিকা উৎপন্ন হয়। এই প্ৰক্ৰিয়াটোৰ বাবে নিজেই বহু শক্তিৰ প্ৰয়োজন হয় যদিও ই কেলৰি ব্যয়ৰ সৈতে প্ৰত্যক্ষভাৱে সমান নহয়।

ৰক্তদানৰ প্ৰকৃত লাভ কি?

ডাঃ ছুদৰ মতে- ৰক্তদানৰ প্ৰকৃত উপকাৰ আন ঠাইত নিহিত হৈ আছে। শৰীৰত অতিৰিক্ত আইৰণ কমি যায় আৰু হৃদৰোগৰ সম্ভাৱনা কমি যায়। ফলত ৰক্তদানক কেতিয়াও ওজন কমোৱাৰ উপায় হিচাপে গণ্য কৰা উচিত নহয়, বৰঞ্চ সমাজ আৰু স্বাস্থ্যৰ প্ৰতি ইয়াৰ প্ৰকৃত অৱদানক গুৰুত্ব দিয়া উচিত।

তেওঁ কয়, ‘ৰক্তদান ওজন কমাব পৰা কৌশল নহয়। কিন্তু ইয়াৰ স্বাস্থ্যৰ বহু উপকাৰ আছে।আইৰণ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি হৃদৰোগ প্ৰতিৰোধ কৰালৈকে।গতিকে ইয়াক জিম বা ব্যায়ামৰ বিকল্প হিচাপে বিবেচনা কৰি লাভ নাই।বৰঞ্চ ই এক অসাধাৰণ কাৰ্য্য যিয়ে আনৰ জীৱন ৰক্ষা কৰে।

ইনষ্টাগ্ৰাম পোষ্টটোৰ কেপচনত তেওঁ লগতে লিখিছে, “আপোনাৰ শৰীৰে পুনৰ তেজ তৈয়াৰ কৰাৰ কাম কৰে, কিন্তু ই জনপ্ৰিয় বিশ্বাসৰ দৰে কেলৰি জ্বলোৱা নাই। আচলতে ই ব্যায়ামৰ সৈতে একে নহয়।”