NORTHEAST NOW (Assamese)

কুকুৰৰ ওপৰত নিৰ্যাতন! মালয়েছিয়াত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক

February 28, 2025 5:26 pm · এন ই নাও নিউজ, গুৱাহাটী

মালয়েছিয়াত এজন বাংলাদেশী প্ৰবাসীক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅত দেখা গৈছে যে এজন ৪৫ বছৰীয়া বাংলাদেশী লোকে এখন দোকানৰ বাহিৰত এটা কুকুৰক কঠিন বস্তুৰে আঘাত কৰিছে। মালয়েছিয়াৰ এটা অঞ্চল জোহৰৰ চিনাইত গ্ৰেপ্তাৰ কৰে তেওঁক।

কুলাই সংমণ্ডলৰ আৰক্ষী অধীক্ষক টাং চেং লীয়ে কয় যে আজি শুকুৰবাৰে (২৮ ফেব্ৰুৱাৰী) বাংলাদেশীজনক কুলাই দণ্ডাধীশ আদালতত হাজিৰ কৰা হব। তাতেই তেওঁৰ বিৰুদ্ধে ৰিমাণ্ড আবেদন দাখিল কৰা হব। তেওঁ এক বিবৃতিত কয়, ‘এটা ভাইৰেল ভিডিঅ আৰক্ষীৰ দৃষ্টিগোচৰ হয়। তাত এজন ব্যক্তিয়ে কুকুৰৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা দেখা গৈছে। এই ভিডিঅটো প্ৰকাশ কৰিছে ‘UpdateInfo11’ নামৰ ইনষ্টাগ্ৰাম একাউণ্টে। ইয়াৰ পাছতে স্থানীয় এজন ৩৩ বছৰীয়া যুৱকৰ অভিযোগৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হয়। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ২৪ ফেব্ৰুৱাৰীত চিনাইৰ এখন দোকানৰ সন্মুখত এই ঘটনা সংঘটিত হৈছিল।

কুকুৰৰ ওপৰত নিষ্ঠুৰতাৰ কাণ্ডৰ তদন্ত চলি আছে দণ্ডবিধিৰ ৪২৮ ধাৰা আৰু পশু কল্যাণ আইন ২০১৫ৰ ২৯(১) ধাৰাত। এই ধাৰাত দোষী সাব্যস্ত হলে বাংলাদেশীজনক তিনি বছৰৰ অধিক কাৰাদণ্ড আৰু জৰিমনা বিহা হব।

ইফালে যেতিয়া এই ভিডিঅটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে তেতিয়া দেশৰ সাধাৰণ জনতাই ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ পিছতে শীঘ্ৰে গ্ৰেপ্তাৰ হয় অভিযুক্ত বাংলাদেশীজনক। অৱশ্যে মালয়েছিয়াৰ সংবাদ মাধ্যমে তেওঁৰ নাম বা পৰিচয় প্ৰকাশ কৰা নাই।

Related News