NORTHEAST NOW (Assamese)

কাজিৰঙাত পহৰা দিয়া প্ৰশিক্ষিত কুকুৰ কোৱামীলৈ আন্তঃৰাষ্ট্ৰীয় সংগঠন ‘ট্ৰেফিক’ৰ বিশেষ বঁটা

July 30, 2019 10:05 pm · উত্তম শইকীয়া
কাজিৰঙাত পহৰা দিয়া কোৱামী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা প্ৰতিৰোধৰ বাবে বনকৰ্মী সকলৰ দুঃসাহসিক অভিযানৰ লগতে আৰক্ষী আৰু সৰ্বসাধাৰণৰ সৈতে এক গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে এজনী কুকুৰে।

বিগত সময়ছোৱাত কাজিৰঙাৰ বিশ্বনাথ বনসংমণ্ডলত কৰ্মৰত ‘কোৱামী’ নামৰ এজনী উচ্চ প্ৰশিক্ষিত কুকুৰে চোৰাং চিকাৰ প্ৰতিহত কৰাৰ বাবে সহায় আগবঢ়াই আহিছে।

‘কোৱামী’ নামৰ জাৰ্মান চেফাৰ্ড প্ৰজাতিৰ প্ৰশিক্ষিত কুকুৰ জনীয়ে বিগত সময়ছোৱাত চোৰাং চিকাৰী কৰায়ত্ব কৰাৰ লগতে চিকাৰীয়ে লুকুৱাই থোৱা বন্দুক-বাৰুদো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

চোৰাং চিকাৰ প্ৰতিৰোধৰ বাবে আগবঢ়োৱা এই সেৱাৰ বাবেই আন্তঃৰাষ্ট্ৰীয় সংগঠন ‘ট্ৰেফিকে’ কোৱামীলৈ ‘Canines for Felines’ নামৰ এক বিশেষ বঁটা আগবঢ়াইছে।

‘ট্ৰেফিক’ নামৰ সংগঠনটোৰ তৰফৰ পৰা ‘কোৱামী’ৰ প্ৰতিপালনৰ বাবে ১৫ হাজাৰ টকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক দিয়াৰ উপৰিও কোৱামীৰ কেয়াৰ টেকাৰ লক্ষীনন্দন বৰুৱা আৰু তেওঁ সহযোগী জনচন টেৰনকো পুৰস্কৃত কৰা হয়।

গোৱালিয়ৰত ২০১৭ চনত বন্যপ্ৰাণী স্নিফাৰ ডগ প্ৰশিক্ষণত আন ১৩ টা কুকুৰৰ সৈতে কোৱামীকো প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল ৷ প্ৰশিক্ষণকালত কোৱামীয়ে ব্ৰেভ’ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল।

বিগত ২৯ জুলাইত কাজিৰঙাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসত কোৱামীৰ লগতে প্ৰতিপালক লক্ষী নন্দন বৰুৱা আৰু জনচন টেৰঙকো কাজিৰঙাৰ কৰ্তৃপক্ষই সম্বৰ্ধনা জনায় ৷

 

 

Related News