NORTHEAST NOW (Assamese)

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

May 20, 2022 4:21 pm · এন ই নাও নিউজ, গুৱাহাটী

বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ মানুহে কুকুৰ পুহিবলৈ আৰম্ভ কৰাটো এটা সচৰাচৰ দেখা দৃশ্য। কুকুৰ আৰু বান্দৰৰ মাজত যেন জন্ম-জন্মান্তৰৰ শত্ৰুতা!

যোৱা বছৰৰ শেষৰ ফালে ভাইৰেল হোৱা এটা বিশেষ বাতৰি নিশ্চয় আপোনালোকৰ চকুত পৰিছিল। সেই বাতৰি অনুসৰি কুকুৰ আৰু বান্দৰৰ মাজত চলি অহা শত্ৰুতাই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল।

মহাৰাষ্ট্ৰৰ এখন ভিতৰুৱা গাঁৱত প্ৰায় ২৫০ কুকুৰক হত্যা কৰিছিল বান্দৰ সেনাই। অঞ্চলটোৰ স্থানীয় লোকৰ ভাষ্য অনুসৰি এটা নৱজাতক বান্দৰ পোৱালিক কুকুৰৰ জাক এটাই হত্যা কৰিছিল।

এই হত্যাৰ প্ৰতিশোধকল্পেই কুকুৰ হত্যাযজ্ঞত নামি পৰিছিল বান্দৰ সেনানী। পথত কুকুৰ দেখা মাত্ৰেই ধৰি নি ওখ স্থানৰ পৰা তললৈ দলিয়াই দি হত্যা কৰিছিল বান্দৰ সৈন্যই।

আনহে নালাগে কুকুৰ হত্যাৰ অভিযোগত দুটা বান্দৰো গ্ৰেপ্তাৰ কৰিছিল মহাৰাষ্ট্ৰ আৰক্ষীয়ে।

পিছে এতিয়া কুকুৰ আৰু বান্দৰৰ এই চৰম শত্ৰুতাৰ অৱসান ঘটিছে। মিত্ৰতাৰ চুক্তিত স্বাক্ষৰ কৰিছে দুয়ো পক্ষই। শেহতীয়াকৈ ভাইৰেল হোৱা এটা চমু ভিডিঅ’ৰ পিছত এইদৰেই মন্তব্য কৰিছে বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে। পিছে এই বিশেষ ভিডিঅ’টোত আছে কি !

ভাইৰেল হোৱা ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে এটা বান্দৰে এখন দোকানত ওলোমাই ৰখা চিপছৰ পেকেট চুৰিৰ আপ্ৰাণ চেষ্টা চলাইছে। পিছে প্ৰায়ে ব্যৰ্থ হোৱাৰ পিছত কাষতে থকা এটা কুকুৰ বান্দৰটোৰ সহায়ৰ বাবে আগবাঢ়ি আহে। এইবাৰ বান্দৰটোৱে কুকুৰটোৰ পিঠিত উঠি চিপছ চুৰিৰ অভিযানত নামি পৰে।

 

এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক মনোৰঞ্জনৰ খোৰাক যোগাইছে ভিডিঅ’টোৱে। কুকুৰ আৰু বান্দৰৰ এই মিত্ৰতাক প্ৰাণভৰি উপভোগ কৰিছে সকলোৱে।

পূৰ্বৰে পৰা প্ৰচলন হৈ অহা ‘বান্দৰ আৰু কুকুৰ বন্ধু হ’ব নোৱাৰে’ ধাৰণাটোক স্পষ্ট ৰূপত ভুল বুলি প্ৰমাণিত কৰিছে এই ভিডিঅ’টোৱে।

Related News