NORTHEAST NOW (Assamese)
দেশ

সৰ্বকালৰ অভিলেখ ভংগ কৰি চেঞ্চুৰীৰ দিশে ডলাৰৰ বিপৰীতে টকাৰ মূল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2026 2:58 pm

আমেৰিকান ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্যই ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি নিম্নগামী হৈছে। মঙলবাৰে বজাৰ খোলাৰ লগে লগে টকাৰ মূল্য প্ৰায় ২৭ পইচা হ্ৰাস পায় যাৰ ফলত এতিয়া প্ৰতি ডলাৰৰ বিনিময়ত ভাৰতীয় টকাৰ মূল্য চাৰে ৯৫ টকাৰ সীমা পাৰ কৰি গৈছে। বৰ্তমান টকাৰ মূল্য ৯৫.৫৮ টকালৈ নামি আহিছে যিটো দেশৰ অৰ্থনীতিৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। এই ধাৰা অব্যাহত থাকিলে ডলাৰৰ বিপৰীতে টকাৰ মূল্য ১০০ অৰ্থাৎ চেঞ্চুৰীৰ দিশে আগবঢ়াটো প্ৰায় নিশ্চিত হৈ পৰিছে। কেৱল মুদ্ৰা বজাৰতে নহয় শ্বেয়াৰ বজাৰতো একেই ভয়ংকৰ অৱস্থা দেখিবলৈ পোৱা গৈছে। সোমবাৰে ছেনচেক্স ৯০০ পইণ্টতকৈও অধিক হ্ৰাস পোৱাৰ পিছত মঙলবাৰেও বজাৰত তেজৰঙা পৰিৱেশ বিৰাজ কৰিছে।

আন্তৰ্জাতিক বজাৰত বৃদ্ধি পোৱা খাৰুৱা তেলৰ মূল্য আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবেই ভাৰতীয় টকাৰ ওপৰত এনেদৰে চাপ বাঢ়িছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। যোৱা ফেব্ৰুৱাৰী মাহত ইৰাণৰ মাটিত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছৰে পৰা পৰিস্থিতি উত্তপ্ত হৈ আছিল। যদিও অলপতে দুয়ো পক্ষ যুদ্ধবিৰতিত সন্মত হৈছিল কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ শেহতীয়া হুংকাৰে পৰিস্থিতি পুনৰ জটিল কৰি তুলিছে। ট্ৰাম্পে স্পষ্টকৈ জনাইছে যে যুদ্ধবিৰতি এতিয়া কেৱল লাইফ সাপোৰ্টতহে আছে। এই মন্তব্যৰ লগে লগেই গোলকীয় বজাৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে আৰু ভাৰতীয় টকাৰ দ্ৰুত পতন আৰম্ভ হৈছে।

ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো হল দেশত ব্যৱহাৰ হোৱা প্ৰায় ৯০ শতাংশ ইন্ধন বৰ্তমান যুদ্ধ জৰ্জৰ অঞ্চলসমূহৰ পৰাই আমদানি কৰা হয়। ইন্ধন যোগান ব্যাহত হোৱাৰ আশংকাত দেশবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে। এনে সংকটময় সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সজাগ আৰু সংযমী হবলৈ আহ্বান জনাইছে। তেওঁ জনসাধাৰণক প্ৰয়োজন সাপেক্ষে ঘৰৰ পৰা কাম কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে খোৱা তেলৰ ব্যৱহাৰ আৰু সোণ ক্ৰয় কৰা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে অভয় দি জনাইছে যে দেশত সকলো ধৰণৰ ইন্ধনৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে যদিও বৰ্তমানৰ আন্তৰ্জাতিক পৰিস্থিতিয়ে অৰ্থনীতিক অধিক জুৰুলা কৰাৰ সম্ভাৱনা আছে।