NORTHEAST NOW (Assamese)

চীনৰ বাবে মোৰ ক’ৰ’না হৈছিল, ইয়াৰ ফল তেওঁলোকে ভুগিব লাগিব : ড’নাল্ড ট্ৰাম্প

October 8, 2020 10:30 am · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক চাৰি দিনৰ মূৰত সোমবাৰে মাজনিশা চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

চিকিৎসালয়ৰ পৰা হোৱাইট হাউছলৈ ঘূৰি আহিয়েই ট্ৰাম্পে এটা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ স্বাস্থ্য সুস্থ বুলি জানিবলৈ দিয়ে।

টুইটাৰযোগে শ্বেয়াৰ কৰা প্ৰায় পাঁচ মিনিটৰ ভিডিঅ’টোত ট্ৰাম্পক মাস্ক পৰিধান কৰা পৰিলক্ষিত হোৱা নাছিল।

ভিডিঅ’টোত তেওঁ কৈছিল, ‍‘ক’ৰ’নাত আক্ৰান্ত হোৱাটো মই ঈশ্বৰৰ আশীৰ্বাদ বুলি ভাবো। এচিয়া মই সম্পূৰ্ণ সুস্থ। মই বিচাৰো ৰাষ্ট্ৰপতি গৰাকীৰ দৰে প্ৰতিগৰাকী আমেৰিকাৰ লোকৰো এইদৰে চিকিৎসা হওক’।

ট্ৰাম্পে ভিডিঅ’টোত ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনক পুনৰ এবাৰ চোকা ভাষাৰে সমালোচনা কৰে।

তেওঁ কয়, ‍‘মোৰ চীনা ভাইৰাছ হৈছিল, ইয়াত আপোনালোকৰ কোনো ভুল নাই। এইটো চীনৰ ভুল আৰু এই ভুলৰ ফল তেওঁলোকে ভুগিব লাগিব। চীনে এই দেশখনৰ সৈতে যি যি কৰিছে তাৰ মূল্য ভৰিব লাগিব’।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্প ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

ইয়াৰ পিছতে ট্ৰাম্পক শুকুৰবাৰে ৱাল্টৰ ৰীড নেশ্যনেল মিলিট্ৰী মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল।

Related News