NORTHEAST NOW (Assamese)

পিতৃক চাইকেলত উঠাই দিল্লীৰ পৰা বিহাৰৰ ঘৰত উপস্থিত হোৱা ১৫ বছৰীয়া জ্যোতিক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতিৰ কন্যা ইভাংকা ট্ৰাম্পৰ

May 23, 2020 8:32 am · এন ই নাও নিউজ

ল’কডাউনৰ সময়ত দিল্লীৰ গুৰুগ্ৰামত আৱদ্ধ হৈ থকা বিহাৰৰ জ্যোতি কুমাৰী নামৰ ১৫ বছৰীয়া ছোৱালী গৰাকীয়ে নিজৰ আঘাতপ্ৰাপ্ত পিতৃক চাইকেলত উঠাই ১,২০০ কিলোমিটাৰ চাইকেল চলাই স্বগৃহত উপস্থিত হোৱা ঘটনাক প্ৰশংসাৰে উপচায় পেলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পে।

‘‘ধৈৰ্য্য আৰু ভালপোৱাৰ এই সুন্দৰ কীৰ্তিয়ে ভাৰতীয় জনগণ আৰু চাইক্লিং ফেডাৰেশ্যনৰ কল্পনাক আকৃষ্ট কৰিছে,’’ ট্ৰাম্পৰ কন্যা ইভংকাই এইদৰে টুইট কৰে।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে দিল্লীত আৱদ্ধ হৈ থকা ১৫ বছৰীয়া জ্যোতিয়ে পিতৃক চাইকেলত তুলি ১২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰমি বিহাৰত উপস্থিত হোৱা ঘটনাই সৰ্বত্ৰে চৰ্চা লাভ কৰিছিল।

মাৰ্কিন ৰাষ্ট্ৰপতিৰ কন্যাই পুনৰ এবাৰ জ্যোতিৰ কাৰ্য্যক প্ৰশংসা কৰি ইয়াক চৰ্চাৰ মাজলৈ টানি আনে।

উল্লেখযোগ্য যে, ভাৰতীয় চাইক্লিং ফেডাৰেশ্যনে জ্যোতিৰ সাম্যৰ্থ দেখি তেওঁক অহা মাহত ট্ৰায়েলৰ বাবে আমন্ত্ৰণ জনাইছে।

ল’কডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা শ্ৰমিক সকলে বিভিন্ন পন্থা অৱলম্বন কৰি নিজৰ ঘৰত উপস্থিত হোৱাৰ বাবে চেষ্টা কৰা দেখা গৈছে।

চৰকাৰে ১ মে’ৰ পৰা সীমিত বাধ্যবাধকতাৰ মাজেৰে বিনামূলীয়া শ্ৰমিক ৰে’ল সেৱাও আৰম্ভ কৰিছে প্ৰব্ৰজিত শ্ৰমিক সকলকক ঘৰলৈ লৈ যোৱাৰ উদ্দেশ্যে।

Related News