NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাস্ত হ’লে টুইটাৰৰ বিশেষ সেৱাৰ পৰাও বঞ্চিত হ’ব ট্ৰাম্প

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2020 11:05 am
nationalherald_2020-04_72829d63-1a03-4065-9316-f04fae5bd7f9_Trump-750x375

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাস্ত হ’লে ডনাল্ড ট্ৰাম্পে টুইটাৰৰ বিশেষ সেৱা লাভৰ পৰা বঞ্চিত হ’ব।

বৰ্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ টুইটবোৰে বিশেষ সেৱা লাভ কৰি আহিছে।

বৰ্তমান সময়ত ট্ৰাম্পে টুইটাৰৰ নিৰ্দেশনা ভংগ কৰি বিতৰ্কিত টুইট কৰিলেও টুইটাৰে ড’নাল্ড ট্ৰাম্পৰ টুইট সমূহ ডিলিট নকৰে, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে উক্ত নীতি ভংগ কৰা টুইটটো সম্পৰ্কে সকীয়নি প্ৰদান কৰে।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্প পৰাজিত হোৱাৰ পাছত যদিহে ট্ৰাম্পে কোনোধৰণৰ বিতৰ্কিত বিষয় টুইট কৰে তেন্তে টুইটাৰে তেওঁৰ সেই টুইট ডিলিট কৰি।

যদিহে টুইটাৰৰ নিৰ্দেশনাৰ পাছত ট্ৰাম্পে পুনৰ তেওঁলোকৰ নীতি উলংঘা কৰে তেন্তে হয়টো ট্ৰাম্পৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিবও পাৰে টুইটাৰে।

উল্লেখযোগ্য যে, আমেৰিকাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনাত বৰ্তমানলৈ ড’নাল্ড ট্ৰাম্প ডেম’ক্ৰেট দলৰ প্ৰাৰ্থী জ’ বিডেনৰ তুলনাত পাছ পৰি আছে।

ভোট গণনাৰ অগ্ৰগতিলৈ চাই জ’ বিডেন আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো প্ৰায় নিশ্চিত হৈছে।