NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ নতুন এটৰ্নী জেনেৰেল হিচাপে পাম বণ্ডিক মনোনীত কৰিলে ড’নাল্ড ট্ৰাম্পে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2024 11:57 am

বিতৰ্কৰ সন্মুখীন হৈ আমেৰিকাৰ এটৰ্নী জেনেৰেলৰ পদৰ বাবে মনোনয়ন প্ৰত্যাহাৰ কৰিছে ৰিপাব্লিকান কংগ্ৰেছী মেট গেটজে। তাৰ পিছত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই পদৰ বাবে পাম বণ্ডিক মনোনীত কৰে।

বাতৰি অনুসৰি, ট্ৰাম্পে বৃহস্পতিবাৰে ফ্লৰিডাৰ প্ৰাক্তন এটৰ্নী জেনেৰেল বণ্ডিক নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰে। বণ্ডিয়ে ২০১১ চনৰ পৰা ২০১৯ চনলৈকে দেশৰ তৃতীয় জনবহুল ৰাজ্যখনৰ শীৰ্ষ আইন প্ৰয়োগকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ট্ৰাম্পৰ প্ৰথম প্ৰশাসনতো তেওঁ দায়িত্বত আছিল।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মেট গেটজে এটৰ্নী জেনেৰেল পদৰ বাবে মনোনয়ন প্ৰত্যাহাৰ কৰে। ছিনেটত নিজৰ দল ৰিপাব্লিকান দলৰ বিৰোধিতাৰ সন্মুখত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। এক্স মেছেজত মেটে কয় যে তেওঁ ট্ৰাম্প প্ৰশাসনৰ বিভ্ৰান্তিৰ পৰা হাত সাৰিব বিচাৰে।

শেহতীয়াকৈ প্ৰাক্তন কংগ্ৰেছী মেট গেটজে যৌন কেলেংকাৰীকে ধৰি বিভিন্ন কাৰণত বিতৰ্কৰ সন্মুখীন হৈছে। ১৭ বছৰৰ তলৰ এগৰাকী কিশোৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগৰ নৈতিকতা সমিতিৰ তদন্তৰ মাজতে যোৱা সপ্তাহত তেওঁ প্ৰতিনিধি সদনৰ পৰা পদত্যাগ কৰিছিল।