NORTHEAST NOW (Assamese)

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ কাণ্ড! ৰেষ্টুৰেণ্টত সকলোকে খুওৱাৰ কথা দি বিল নিদিয়াকৈয়ে আঁতৰিল ট্ৰাম্প!

June 19, 2023 11:07 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰহীত।

সকলোকে কথা দিছিল যে ৰেষ্টুৰেণ্টত খুৱাব। কিন্তু তেওঁলোকৰ খোৱাৰ বিলৰ কোনো ধন আদায় নিদিয়াকৈ কাটি খালে ড’নাল্ড ট্ৰাম্প! আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে উঠিছে এনে অভিযোগ।

যোৱা মঙলবাৰে তেওঁ মিয়ামীৰ আদালতত হাজিৰ হ’বলৈ গৈছিল। শুনানিৰ অন্তত তেওঁ তাৰ পৰা উভতি আহি এখন ৰেষ্টুৰেণ্টত এই ‘কাণ্ড’ সংঘটিত কৰে। আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰটোৱে বৰ আমোদৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: কলেজৰ গেটৰ সন্মুখতে সহপাঠীক ছুৰীকাঘাত কৰি হত্যা! নেপথ্যত প্ৰেমিকা

সেইদিনা ট্ৰাম্প ৰেষ্টুৰেণ্টখনলৈ গৈছিল। পিছদিনা তেওঁৰ জন্মদিন। সেই উপলক্ষে তেওঁ কয় যে তেওঁ কৰ্মচাৰীসকলক ৰেষ্টুৰেণ্টখনত বিনামূলীয়াকৈ খুৱাব।

কিন্তু এটা গোপন সূত্ৰই পিছত দাবী কৰা মতে, তেওঁ কোনো বিল নিদিয়াকৈয়ে তাৰ পৰা গুচি যায়। পৰিস্থিতি বিষম দেখি তেওঁৰ লগত থকা সকলোৱে এজন এজনকৈ ৰেষ্টুৰেন্টৰ পৰা ওলাই যায়।

লগতে পঢ়ক: ‘যোগী-হিমন্তই ক্ষমা খুজিব লাগিব’; আদিপুৰুষক লৈ বিজেপিৰ মুখ্যমন্ত্ৰীসকলক আক্ৰমণ শিৱসেনাৰ

ৰেষ্টুৰেণ্টখনত কেইমিনিটমান আছিল ট্ৰাম্প। সকলোকে খুওৱাৰ কথা দিয়াৰ পিছতো এনেদৰে তাৰ পৰা ওলাই যোৱাৰ বাতৰিক লৈ নানাধৰণৰ বিৰূপ আলোচনা শুনা গৈছে।

Related News