NORTHEAST NOW (Assamese)
Popular Stories

ট্ৰাম্পৰ গাজাৰ প্ৰস্তাৱৰ সমৰ্থন, মোদীৰ বাৰ্তা ‘ৰিপোষ্ট’ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 1, 2025 1:27 pm

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গাজাৰ যুদ্ধ বন্ধ কৰাৰ বাবে ২০ দফীয়া প্ৰস্তাৱ দাখিল কৰিছে। ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক আদৰণি জনাইছে। এনে পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মোদীৰ সমৰ্থন বাৰ্তা ‘ৰিপোষ্ট’ কৰে। অৱশ্যে বাৰ্তাটো ‘ৰিপোষ্ট’ কৰাৰ পিছত তেওঁ আৰু একো লিখা নাছিল। ইয়াৰ পাছত দুয়োজন নেতা ওচৰ চাপি আহিছে নেকি বুলি প্ৰশ্নৰ অৱতাৰণা হৈছে৷

মঙলবাৰে মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছিল, ‘গাজা সংঘাত সমাধানৰ বাবে ট্ৰাম্পৰ পৰিকল্পনাক মই আদৰণি জনাইছো। এই পৰিকল্পনাই দীৰ্ঘম্যাদী শান্তি আনিব আৰু ইজৰাইল আৰু পেলেষ্টাইনৰ জনসাধাৰণৰ জীৱন উন্নত কৰিব।’

সোমবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাৰ যুদ্ধ বন্ধ কৰাৰ বাবে ট্ৰাম্পৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। ইয়াৰ পিছত ২০ দফাৰ এই পৰিকল্পনা হোয়াইট হাউছে প্ৰকাশ কৰে। তাৎক্ষণিক যুদ্ধবিৰতিৰ পৰা আৰম্ভ কৰি গাজাত নতুন চৰকাৰ গঠনলৈকে কেইবাটাও প্ৰস্তাৱ দাখিল কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

সোমবাৰে অভাল অফিচত ট্ৰাম্প আৰু নেতানিয়াহুৰ বৈঠক অনুষ্ঠিত হয় যদিও তেওঁলোকে আমেৰিকাৰ ৰাষ্ট্ৰপতিক বন্ধু হিচাপে স্বীকাৰ কৰিছিল, তথাপিও তেওঁৰ প্ৰস্তাৱত তেওঁলোকে সম্পূৰ্ণৰূপে একমত হ’ব পৰা নাছিল। ট্ৰাম্পৰ ২০ দফীয়া প্ৰস্তাৱত উল্লেখ আছে যে গাজাক সন্ত্ৰাসবাদীৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি পুনৰ নিৰ্মাণ কৰা হ’ব। যদি ইজৰাইল আৰু হামাছ দুয়োখনেই এই প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে তাৎক্ষণিকভাৱে যুদ্ধবিৰতি হ’ব। জীৱিত আৰু মৃত পণবন্দীসকলক ৭২ ঘণ্টাৰ ভিতৰত ঘূৰাই দিব লাগিব। ইজৰাইলে সকলো বন্দীকো মুকলি কৰি দিব। ইয়াৰ পিছত ৰাষ্ট্ৰসংঘ আৰু ৰেড ক্ৰছৰ তত্বাৱধানত গাজালৈ বিপুল পৰিমাণৰ সাহায্য প্ৰেৰণ কৰা হ’ব।

এই প্ৰস্তাৱে হামাছক স্পষ্টভাৱে কয় যে তেওঁলোকে গাজাৰ প্ৰশাসন আৰু অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকাসমূহৰ পৰা পদত্যাগ কৰিব লাগিব। গাজাত এখন আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত অৰাজনৈতিক চৰকাৰ গঠন হ’ব। ট্ৰাম্পৰ নেতৃত্বত গাজা পুনৰ নিৰ্মাণৰ পৰিকল্পনা প্ৰস্তুত কৰা হ’ব। ইজৰাইলে কোনো ধৰণে গাজা দখল কৰিবলৈ চেষ্টা নকৰে। কিন্তু এই প্ৰস্তাৱত নেতানিয়াহুৱে ট্ৰাম্পৰ সৈতে সম্পূৰ্ণৰূপে একমত হ’ব নোৱাৰিলে। বিশেষকৈ গাজাত অৰাজনৈতিক চৰকাৰ গঠনৰ ফলত ভৱিষ্যতে পেলেষ্টাইনী ৰাষ্ট্ৰৰ স্বীকৃতি লাভ কৰিব বুলিহে মতপোষণ কৰে। যদিও হামাছে এই প্ৰস্তাৱৰ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই।