NORTHEAST NOW (Assamese)

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

June 22, 2025 8:41 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 22, 2025 8:42 am

আমেৰিকাই যি ইংগিত দিয়া হৈছিল সেয়া সঁচা হ’ল। অৱশেষত আমেৰিকাই ইৰাণ-ইজৰাইল সংঘাতত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিলে। শনিবাৰে আকাশৰ পৰা ইৰাণত আক্ৰমণ চলালে আমেৰিকান সেনাই।

ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ বিষয়ে অৱগত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, ‘আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত বোমা বিস্ফোৰণ কৰি ধ্বংস কৰিছে। এয়া এক ঐতিহাসিক মুহূৰ্ত।’ ইয়াতেই শেষ নহয়, ট্ৰাম্পে দাবী কৰে যে, ‘এইবাৰ শান্তি ঘূৰাই অনাৰ পাল।’

অৱশেষত পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা অশান্তিৰ সৈতে আমেৰিকা প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে। এতিয়ালৈকে আমেৰিকাই ইৰাণ-ইজৰাইল সংঘাতত নেতানিয়াহুক বাহিৰৰ পৰা সমৰ্থন কৰি খামেইনীক অহৰহ সকীয়াই দি আহিছিল যদিও এইবাৰ ইৰাণত প্ৰৱেশ কৰি আমেৰিকাৰ সেনাই আক্ৰমণ চলাইছে। ইৰাণ-ইজৰাইল সংঘাতত আমেৰিকাৰ এনেদৰে প্ৰৱেশৰ লগে লগে এতিয়া প্ৰশ্নটো হ’ল খামেইনীয়ে পিছুৱাই যাব নে যুদ্ধ অনিবাৰ্য।

জনা যায় যে ইৰাণৰ নাটাঞ্জ… ইছফাহান আৰু ফৰ্ড’ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিছে আমেৰিকাই। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ফৰ্ড’।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত এই আক্ৰমণ সন্দৰ্ভত ট্ৰাম্পে লিখিছে, ‘আমি ইৰাণৰ ফৰ্ড’, নাটাঞ্জ আৰু ইছফাহানকে ধৰি তিনিটা পাৰমাণৱিক কেন্দ্ৰত অতি সফলতাৰে আক্ৰমণ কৰিছো। নিজৰ কাম সম্পূৰ্ণ কৰি এতিয়া সকলো বিমান ইৰাণৰ আকাশমাৰ্গৰ বাহিৰত। ইৰাণৰ ফৰ্ড’ত সম্পূৰ্ণ পেলোড বোমা নিক্ষেপ কৰা হৈছে। সকলো যুঁজাৰু বিমান এতিয়া নিৰাপদে ঘৰলৈ ওভতাৰ পথত।’ ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ সেনাবাহিনীৰ বীৰত্বৰো বাবে প্ৰশংসা কৰে।

যোৱা বৃহস্পতিবাৰে হোৱাইট হাউছে ঘোষণা কৰিছিল যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহা দুসপ্তাহৰ ভিতৰত ইৰাণৰ বিৰুদ্ধে সামৰিক আক্ৰমণ চলাব নে নাই সেই সিদ্ধান্ত ল’ব। কিন্তু দুসপ্তাহ শেষ হোৱা বহু দূৰত, ঘোষণাৰ দুদিনৰ ভিতৰতে আমেৰিকাই পোনপটীয়াকৈ ইৰাণত আক্ৰমণ চলালে। ইজৰাইল-ইৰাণ সংঘাতত আমেৰিকাৰ ‘সামৰিক হস্তক্ষেপ’ক লৈ ৰাছিয়াই উদ্বেগ প্ৰকাশ কৰিছিল।

Related News