NORTHEAST NOW (Assamese)
Popular Stories

অভিযোগনামা শুনানিৰ সময়ত আদালতত শিল পৰা কপৌৰ দৰে বহি থাকিল ড’নাল্ড ট্ৰাম্প

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 14, 2023 7:04 pm

নীলা চুট আৰু ৰঙা টাই পিন্ধি শিল পৰা কপৌৰ দৰে আদালতত প্ৰতিৰক্ষা অধিবক্তাৰ কাষত বহি অপৰাধমূলক অভিযোগৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প।

অভিযুক্তসকলে তেওঁৰ বিৰুদ্ধে গোপনীয় নথি-পত্ৰ লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰে। এই সমগ্ৰ অভিযোগ ভ্ৰু কোঁচাই শুনি থাকে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

উল্লেখ্য যে আদালতৰ ভিতৰত কোনো ধৰণৰ কেমেৰা, ফোন, লেপটপ ব্যৱহাৰৰ অনুমতি নাছিল আৰু ট্ৰাম্পৰ অভিযোগৰ সময়ত কোনো ফটো তোলা হোৱা নাছিল।

বুধবাৰে আমেৰিকাৰ মাৰ্শ্বালসকলে ট্ৰাম্পৰ লগত আন সাধাৰণ অপৰাধীৰ দৰেই আচৰণ কৰিছিল। মাৰ্শ্বাল সকলে তেওঁৰ আঙুলিৰ ছাপ, জন্ম তাৰিখ আৰু ঠিকনা লৈছিল। 

আদালতত ট্ৰাম্পৰ সৈতে একেলগে বহি আছিল ৱালটাইন নাউটা, সহ-ষড়যন্ত্ৰকাৰী হিচাপে অভিযুক্ত। কিন্তু একেলগে আদালতলৈ যোৱা দুয়োজনে আদালতৰ ভিতৰত এবাৰো মত বিনিময় কৰা যেন দেখা নগ’ল।

আদালতৰ দ্বিতীয় শাৰীত বহিছিল ন্যায় বিভাগৰ বিশেষ অধিবক্তা জেক স্মিথ, যিয়ে মাত্ৰ কেইদিনমানৰ আগতে ট্ৰাম্পে অতি গোপনীয় নথি-পত্ৰ জমা কৰি ৰখাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল।

ন্যায়াধীশগৰাকীয়ে প্ৰথমে কয় যে আদালত ট্ৰাম্পৰ বিৰুদ্ধে সাক্ষী প্ৰদান কৰিবলগীয়া কেইবাজনো সাক্ষীৰ সৈতে যোগাযোগ কৰাত ট্ৰাম্পক নিষেধাজ্ঞা আৰোপ কৰা হ’ব। এইদৰেই অতি দক্ষভাবে মাত্ৰ ৫০ মিনিটতে মিয়ামি আদালতত ট্ৰাম্পৰ বিৰুদ্ধে থকা অভিনামাৰ শুনানি গ্ৰহণ কৰা হয়।