NORTHEAST NOW (Assamese)
Popular Stories

১৬ জুনৰ পৰা আমেৰিকাত চীনা বিমানৰ প্ৰৱেশ নিষিদ্ধ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 9:01 am
105323219-1531313219486rtx6aosz

ক’ৰ’না ভাইৰাছৰ উৎপত্তিকেন্দ্ৰিক সংঘাতকলৈ বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্ৰ অমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজৰ বিবাদে অন্য এক পৰ্যায় পাইছে।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অধিক কঠোৰ হৈ পৰিছে চীনৰ প্ৰতি।

তেনে এক সংঘাতময় পৰিস্থিতিতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰশাসনে আমেৰিকাত চীনা বিমান সংস্থাৰ বাণিজ্য আৰু যাত্ৰীবাহী বিমান প্ৰৱেশ বন্ধ কৰাৰ বাবে সাজু হৈছে।

পৰিবহন বিভাগে জনাইছে যে অহা ১৬ জুনৰ পৰা আৰম্ভ হ’বলগীয়া চীনৰ চাৰিখন বিমানৰ উৰণ আমিৰকাই বন্ধ কৰিছে।

ক’ৰ’নাতংকৰ বাবে চলিত বৰ্ষৰ আৰম্ভণিতে চীনা প্ৰশাসনে ইউনাইটেড এয়াৰ লাইন্স আৰু ডেল্টা এয়াৰ লাইন্সৰ বিমান উৰণত প্ৰতিবন্ধকতা লগোৱাৰ ফলতে আমেৰিকাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

আমেৰিকা পৰিবহণ বিভাগে অভিযোগ কৰি কয় যে চীনে দুই দেশৰ মাজৰ উৰণ সম্পৰ্কীয় চুক্তিৰ নিয়ম ভংগ কৰিছে।

সংস্থাটোৱে লগতে কয় যে, এই নিৰ্দেশ অনুসৰি প্ৰত্যেক চীনা বিমান উৰণৰ বিনময়ত আমেৰিকাৰ বিমান উৰণৰ অনুমতি দিয়া হৈছে। কিন্তু চীনে এই নিয়ম ভংগ কৰিছে, মাৰ্কিন পৰিবহণ বিভাগে দাবী।

সংস্থাটোৱে কয় যে ‘বিভাগটোৱে চীনৰ সৈতে সহযোগিতামূলক সম্পৰ্ক ৰাখিব যাতে চীন আৰু আমেৰিকাৰ বিমান উৰণৰ ক্ষেত্ৰত দুয়ো দেশৰ অধিকাৰসমূহ ৰক্ষিত হয়।’

‘অৱশ্যে ইয়াৰ মাজতে আমি চীনৰ কিছু সংখ্যক যাত্ৰীক পৰিবহণ কৰাৰ বাবে অনুমিত দিম, যিহেতু চীনেও আমাক এই অনুমিত প্ৰদান কৰিছে।’ সংস্থাটোৱে এইদৰে কয়।

বিভাগীয় সূত্রই জানিবলৈ দিছে যে, ১৬ জুনৰ পৰা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই আদেশ কাৰ্যকৰী কৰিব পাৰে।

উল্লেখ্য যে, বাণিজ্য, ক’ৰ’না ভাইৰাছ আৰু হংকংৰ চিকিৎসা সম্পৰ্কীয় বিৰোধৰ বাবে দুই দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক তিক্ত হৈ পৰিছে।