NORTHEAST NOW (Assamese)

ডোনাল্ড ট্ৰাম্পৰ ট্ৰুথ ছ’চিয়েলৰ জনপ্ৰিয়তাত উদ্বিগ্ন এলন মাস্ক! কি হ’ব টুইটাৰৰ?

April 29, 2022 7:43 am · এন ই নাও নিউজ, গুৱাহাটী

দীৰ্ঘদিন ধৰি টুইটাৰত নিষিদ্ধ হৈ আছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছতে ডোনাল্ড ট্ৰাম্পে কৈছে যে তেওঁ আৰু মাইক্ৰ’ব্লগিং ছাইটলৈ উভতি নাহে। ইয়াৰ বিপৰীতে নিজৰ সামাজিক মাধ্যম মুকলিৰ কথা সদৰী কৰে।

ইতিমধ্যে এপ ষ্টোৰত ট্ৰাম্পৰ ট্ৰুথ ছ’চিয়েল (Truth Social) উপলব্ধ হৈছে। মুকলিৰ পিছতেই টুইটাৰ, টিকটককে ধৰি আন সকলো সামাজিক মাধ্যমক অতিক্ৰমি এপ ষ্টোৰত শীৰ্ষস্থান দখল কৰিছে ট্ৰাম্পৰ ট্ৰুথ ছ’চিয়েলে।

এটা টুইট কৰি এলন মাস্কে  লিখিছে, ‘’ এই মুহূৰ্তত এপ ষ্টোৰত টুইটাৰ আৰু টিকটকক পিছ পেলাইছে ট্ৰুথ ছ’চিয়েলে। ইতিমধ্যে ৫২হাজাৰতকৈয়ো অধিক ৰি-টুইট হৈছে এই প’ষ্ট। মাস্কৰ টুইটে পাইছে প্ৰায় সাত লাখ লাইক।

এলনে লগতে লিখিছে যে ইমানদিনে বাকস্বাধীনতাত হস্তক্ষেপ কৰিছিল টুইটাৰে। সেয়ে ট্ৰুথ ছ’চিয়েল এপৰ আত্মপ্ৰকাশ ঘটিছে। অৱশ্যে ট্ৰাম্পৰ নতুন সামাজিক মাধ্যমৰ নামটো পছন্দ হোৱা নাই এলন মাস্কৰ।

উল্লেখ্য যে যোৱা বছৰ আমেৰিকাত সংঘটিত কেপিটেল সংঘৰ্ষৰ পিছতে ডোনাল্ড ট্ৰাম্পৰ একাউন্টটো টুইটাৰে বন্ধ কৰি দিছিল। এলন মাস্কে টুইটাৰ কিনি লোৱাৰ পিছত ট্ৰাম্প পুনৰ টুইটাৰলৈ ঘুৰি আহিব বুলি চৰ্চা হৈছিল যদিও তেওঁ স্পষ্ট কৰি দিছে যে তেওঁৰ আৰু টুইটাৰলৈ ঘুৰি অহাৰ ইচ্ছা নাই।

টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ এপ ষ্টোৰত মুকলি কৰা হৈছে ট্ৰুথ ছ’চিয়েল। ইয়াৰ কৰ্তৃপক্ষই কৈছে,’’মুকলি মনেৰে, বিনামূলীয়াকৈ, বাৰ্তালাপৰ বাবে এই মঞ্চ দৃঢ়প্ৰতিজ্ঞ।’’

ইপিনে, ট্ৰুথ ছ’চিয়েলৰ জনপ্ৰিয়তাই টুইটাৰক ক্ষতি কৰিব পাৰে নেকি তাকলৈ কিছু হ’লেও চিন্তিত এলন মাস্ক। কিয়নো ইমান বৃহৎ টকা বিনিয়োগ কৰি ক্ৰয় কৰা টুইটাৰকলৈ খুবেই আশাবাদী মাস্ক।  

Related News