NORTHEAST NOW (Assamese)
Popular Stories

‘৩টা সন্তানৰ বোজা মহিলাৰ ওপৰত কিয় দিব বিচাৰিছে?’- মোহন ভাগৱতক প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 30, 2025 6:06 pm

তিনি সন্তানৰ প্ৰস্তাৱিত নীতিক লৈ এতিয়া আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক আক্ৰমণ কৰিছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। হায়দৰাবাদৰ সাংসদগৰাকীয়ে প্ৰশ্ন কৰে, “আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে ভাৰতীয় মহিলাৰ ওপৰত ৩টা শিশুৰ হেঁচা কিয় দিব বিচাৰিছে?”

দেশৰ জনসংখ্যাৰ হাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সকলো দম্পতীয়ে ৩টা সন্তান জন্ম দিয়াৰ কথা চিন্তা কৰিব লাগে। দুদিন পূৰ্বে সংঘৰ এক অনুষ্ঠানত সৰসংঘচালক প্ৰধান মোহন ভাগৱতে থিয় হৈ ৰায়দান দিছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এশ বছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত এক অনুষ্ঠানত বৃহস্পতিবাৰে মোহন ভাগৱতে কয়, ‘ভাৰতৰ জনসংখ্যা নীতিত ২ঃ১ সন্তানৰ পৰামৰ্শ দিয়া হৈছে।কিন্তু ইয়াৰ অৰ্থ হল এটা পৰিয়ালত দুটা নহয়, তিনিটা সন্তান জন্ম দিব লাগে।প্ৰতিজন নাগৰিকে নিজৰ পৰিয়ালত তিনিটা সন্তান জন্ম দিয়াৰ লক্ষ্য ৰাখিব লাগে। সংঘ প্ৰধানে কয় যে জনসংখ্যা হৈছে দেশৰ সম্পদ। গতিকে ইয়াৰ হাৰ যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকৰ কৰ্তব্য।

ভাগৱতৰ ৰায়ৰ বিৰোধিতা কৰিছে বিৰোধী দলৰ অধিকাংশই। অৱশ্যে সংঘৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে মাত মাতিছে ওৱেইছিয়ে। তেওঁ কয় যে এতিয়ালৈকে এই আৰ এছ এছে দেশত জনসংখ্যা বৃদ্ধিৰ বাবে মুছলমানক দোষাৰোপ কৰি আহিছে। আনহাতে বাস্তৱত দেশত মুছলমানৰ জন্মৰ হাৰ হ্ৰাস পাইছে। আৰু হিন্দুসকলৰ সেইটো বাঢ়িছে। এই পৰিস্থিতিত আকৌ ৩ সন্তানৰ নীতিৰ কথা কিয় কব? ওৱাইচিৰ প্ৰশ্ন, “আজি আপুনি থিয় হৈ কৈছে যে এতিয়াৰ পৰা ৩টা সন্তান জন্ম দিব লাগিব। মানুহৰ ব্যক্তিগত জীৱনত প্ৰৱেশ কৰিবলৈ আপুনি কোন?” হায়দৰাবাদৰ সাংসদগৰাকীৰ প্ৰশ্ন, “ভাৰতীয় মহিলাৰ জীৱনৰ বাবে নিজস্ব পৰিকল্পনা আছে। কিয় এনেদৰে তেওঁলোকৰ ওপৰত ৩টা সন্তানৰ বোজা জাপি দিয়া হৈছে?” এয়া সংঘৰ ভণ্ডামিৰ বাহিৰে আন একো নহয়।