NORTHEAST NOW (Assamese)
Popular Stories

হেৰাই গ’ল আৰু এক শৈশৱকালৰ সাক্ষী! চিৰদিনৰ বাবে বন্ধ হৈ গ’ল ‘ড’ৰেমন’ৰ সম্প্ৰচাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 8, 2026 5:41 pm

এটা সম্পূৰ্ণ প্ৰজন্মৰ বাবে মন বিষাদৰ খবৰ। অন্ত পৰিল ৩৫ বছৰীয়া এক যাত্ৰাৰ। যিটো চৰিত্ৰক দেখিলেই ভাৱ হয় যেন এক পলকতে সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম। এনে এখন ‘মেজিক পকেট’ থাকিলে হয়তো পৃথিৱীৰ সকলো দুখৰ অন্ত কৰি দিব পাৰি। আৰু সেই ‘মেজিক পকেট’ যাৰ… ৩৫ বছৰ ধৰি কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীকো মনোৰঞ্জন দি থকা কাৰ্টুন চৰিত্ৰটোৱে… তাৰ যাত্ৰা বন্ধ হৈ গ’ল। বন্ধ হৈ গ’ল ‘ড’ৰেমন’ৰ সম্প্ৰচাৰ।

‘ড’ৰেমন’ই যদিও সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিছে, তথাপিও এই কাৰ্টুন চৰিত্ৰটোৰ জন্ম হৈছিল জাপানত। ‘ড’ৰেমন’ প্ৰথম প্ৰচাৰ হৈছিল টিভি আছাহিত। এই এনিমেটেড কাহিনীটোৰ চৰিত্ৰবোৰ সীমিত। মূল চৰিত্ৰটো হৈছে নোবিটা আৰু তেওঁৰ ৰবট মেকুৰী ড’ৰেমন।

সেই ৰবট নীলা মেকুৰী ড’ৰেমনৰ এটা অতিৰিক্ত পকেট আছে। সেই পকেটৰ পৰাই প্ৰয়োজন অনুসৰি সকলো ধৰণৰ অদ্ভুত বস্তু ওলাই আহে। সকলো সমস্যা সমাধান কৰিবৰ বাবে। ‘এনিহোৱেৰ ড’ৰ’ৰ পৰা আৰম্ভ কৰি ‘ব্যাম্পু কপ্টাৰ’লৈকে… ড’ৰেমনৰ অতিৰিক্ত পকেটৰ পৰা বহুতো আচৰিত বস্তু ওলাই আহে। কিন্তু সেই কাহিনী আৰু কেতিয়াও শুনা নাযাব।

ইণ্ডোনেছিয়াৰ জনপ্ৰিয় টিভি চেনেল আৰ চি টি আইৰ পৰ্দাত আৰু সম্প্ৰচাৰ নহ’ব ‘ড’ৰেমন’। ২০২৫ চনৰ শেষৰ ফালে মুক্তি পোৱা আৰ চি টি আইৰ কাৰ্যসূচীৰ সূচীত ‘ড’ৰেমন’ নাছিল। ইয়াৰ পিছত ২০২৬ চনৰ ৪ জানুৱাৰীত ঘোষণা কৰা হৈছিল যে ড’ৰেমনৰ নতুন খণ্ড আৰু সম্প্ৰচাৰ নহ’ব।

এই খবৰ বিয়পি পৰাৰ লগে লগে ছচিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হয়। শৈশৱৰ জীৱন্ত সাক্ষী হিচাপে পৰিগণিত হোৱা কাৰ্টুন বন্ধ কৰি দিয়া হ’ল। সমগ্ৰ দেশৰ বহু লোকে নিজৰ স্মৃতি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কয় যে ‘ড’ৰেমন’ কেনেকৈ তেওঁলোকৰ স্মৃতিৰ সৈতে, তেওঁলোকৰ শৈশৱৰ সৈতে জড়িত।

ইণ্ডোনেছিয়াৰ এটা চলচ্চিত্ৰ সংস্থাই ছ’চিয়েল মিডিয়াত ঘোষণা কৰিছে যে দেশৰ জনপ্ৰিয় কাৰ্টুন ‘ড’ৰেমন’ স্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে। বিবৃতিটোত কোৱা হৈছে যে আৰ চি টি আই চেনেলৰ সূচীৰ পৰা ড’ৰেমন নোহোৱা হৈছে। কিন্তু এই অত্যন্ত জনপ্ৰিয় অনুষ্ঠানটো কিয় হঠাতে বন্ধ কৰি দিয়া হ’ল সেই সন্দৰ্ভত চেনেলটোৰ পৰা কোনো বিবৃতি পোৱা নগ’ল।

অৱশ্যে ‘ড’ৰেমন’ৰ নতুন খণ্ড দেখা পোৱা নাযায় যদিও ইণ্টাৰনেটত বহু পুৰণি খণ্ড উপলব্ধ। অনুৰাগীয়ে ইচ্ছা কৰিলে চাব পাৰিব। ভাৰতকে ধৰি কেইবাখনো দেশত এতিয়াও সম্প্ৰচাৰিত হৈ আছে ‘ড’ৰেমন’।

জনা যায় যে ছাৰ আৰ্থাৰ কানন ডায়েলে তেওঁৰ বহুল প্ৰচাৰিত আৰু জনপ্ৰিয় চোৰাংচোৱা চৰিত্ৰ শ্বাৰ্লক হোমছৰ মৃত্যুৰ কাহিনী লিখিছিল। কিন্তু সেই কিতাপখন মুক্তি পোৱাৰ পিছত অনুৰাগীৰ মাজত শোকৰ ছাঁ পৰে। বহু লোকে শোক প্ৰকাশ কৰিবলৈ ক’লা কাপোৰ পিন্ধি ঘূৰি ফুৰিবলৈ ধৰে।

শ্বাৰ্লক হোমছৰ মৃত্যুৱে অনুৰাগীৰ ওপৰত ইমানেই প্ৰভাৱ পেলাইছিল যে লেখকে অনুৰাগীসকলক মনত ৰাখি শ্বাৰ্লক হোমছক ঘূৰাই আনিছিল। ‘ড’ৰেমন’ৰ ক্ষেত্ৰতো একেই ঘটনা হ’বনে? সময়ে ক’ব।