NORTHEAST NOW (Assamese)
অসম

দুগৰাকী নাৰীক হত্যা, ১০২গৰাকী মৃত নাৰীক যৌন নিৰ্যাতন! চাওক, এই বিকৃত অপৰাধীৰ কাহিনী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 16, 2021 7:21 pm
David Fuller

ডেভিড ফুলাৰ নামৰ ৬৭ বছৰীয়া অপৰাধীগৰাকীয়ে দুগৰাকী নাৰীক হত্যা কৰিছিল। হাস্পাতালত চাকৰি কৰা অপৰাধী ডেভিডে ১০২গৰাকী মৃত নাৰীক যৌন নিৰ্যাতন চলাইছিল।

সুদীৰ্ঘ দিন এই ঘটনা অন্ধকাৰত থকাৰ পাছত অৱশেষত বিচাৰৰ কাঠগড়াত উঠা অপৰাধী ডেভিড ফুলাৰক আজীৱন কাৰাদণ্ড বিহা হৈছে।

শগুণৰ দৰে কৰা আচৰণৰ বাবে জীৱনৰ অনতিম দিনটোলৈকে তেওঁ কাৰাগাৰাতে থাকিব লাগিব। ব্ৰিটেইনৰ মেইডষ্টোন ক্ৰাউন আদালতে এই ৰায় দিছে।

Also Read: ৫০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ

কেবল বিকৃত যৌন আচৰণেই নহয়, ডেভিড ফুলাৰে তেওঁৰ এই কুকাণ্ডৰ ভিডিঅ’ কৰি কম্পিউটাৰত বিভিন্ন কেটেগুৰিৰে ফাইল বনাই ৰাখিছিল। অপৰাধী ডেভিডক ডিএনএ পৰীক্ষাৰ দ্বাৰা চিনাক্ত কৰা হয়।       

ডেভিডৰ নিৰ্যাতনৰ বলি হোৱা এগৰাকী নাৰীৰ মাতৃয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে নাৰী জীৱিত থাকিলেও নিৰাপত্তা নাই, মৰি গ’লেও নাই।

ডেভিডৰ আক্ৰমণৰ বলি আন এগৰাকী নাৰীৰ পিতৃয়ে কয় যে মই শুব নোৱাৰো, খাবও নোৱাৰো। মি মোৰ কন্যাৰ এনে নিৰ্যাতনৰ বলি হোৱাৰ ঘটনা মন-মগজুৰ পৰা অঁতৰাই পেলাব পৰা নাই।

Also Read:মহিলাৰ বিয়াৰ বয়স ২১ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ

সেইদৰে, আন এগৰাকী নাৰীৰ মাতৃয়ে কয় যে ‘দুখত মোৰ বুকুখন ফাটি যায়।‘ তেওঁৰ কন্যাৰ মৃত্যু হোৱাৰ পাছত তেওঁ আলফুলে ছোৱালীজনীৰ সোণালী চুলিখিনি আঁচুৰি দিছিল।

কিন্তু এতিয়া এই কথা ভাবি তেওঁৰ দুখ উথলি উঠে যে তেওঁ কন্যাৰ মৃতদেহ যি স্থানত অৰ্থাৎ হাস্পাতালৰ মৰ্গত ৰাখি আহিছিল সেয়া প্ৰকৃততে তেওঁৰ কন্যাৰ বাবে নিৰাপদ নাছিল।