NORTHEAST NOW (Assamese)
অসম

ৰাহি-যোৰা নিমিলিল, নহ’লগৈ মিলন : কংগ্ৰেছৰ সিদ্ধান্তক লৈ খঙত অগ্নিশৰ্মা ডাঃ ভবেন চৌধুৰী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 20, 2024 7:40 pm

ৰাজ্যৰ বিৰোধী ঐক্য সন্দৰ্ভত বুধবাৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সংবাদ মাধ্যমৰ ওচৰত তাৎপৰ্যপূৰ্ণ মন্তব্য ব্যক্ত কৰে। কংগ্ৰেছ আৰু এজেপিৰ দলীয় প্ৰাৰ্থীক বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দাবী জনায় আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে । 

কংগ্ৰেছ – এজেপিৰ নেতৃত্বৰ লগতে দুয়োটা দলৰ প্ৰাৰ্থী সকলক বিৰোধী ঐক্য সন্দৰ্ভত সংবাদ মাধ্যমত মিছা আৰু বিভ্ৰান্তিকৰ প্ৰচাৰ  বন্ধ কৰিবলৈ আপৰ সভাপতি গৰাকীয়ে দাবী জনায়। ডাঃ চৌধুৰীয়ে কয়, বিৰোধী ঐক্য মঞ্চৰ নামত কংগ্ৰেছ আৰু অজাপই প্ৰক্ষেপ কৰা প্ৰাৰ্থী সকল কোনোপধ্যেই সন্মিলিত বিৰোধীৰ প্ৰাৰ্থী নহয় । 

বিৰোধী ঐক্যমঞ্চৰ নেতা ভূপেন বৰাক ২৪ ঘন্টাৰ ভিতৰত বিৰোধী ঐক্যমঞ্চৰ ১৬ টা দলৰ  স্বাক্ষৰৰ সৈতে লোকসভাৰ প্ৰাৰ্থীৰ আনুষ্ঠানিক ঘোষণাপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনায় ডাঃ ভবেন চৌধুৰীয়ে । 

আপৰ নেতাগৰাকীৰ মতে, যদি ২৪ ঘন্টাৰ ভিতৰত এনে কোনো ঘোষণা প্ৰকাশ কৰিব নোৱাৰে , তেন্তে অসমত যে কেৱল কংগ্ৰেছ আৰু এজেপিৰহে মিত্ৰতা আছে সেই কথা স্পষ্ট হ’ব। 

গুৱাহাটীৰ আসন প্ৰত্যাহাৰ কৰি আপৰ সৰ্বোচ্চ  ত্যাগৰ পিছতো অসমত বিৰোধী ঐক্য সম্ভৱ নহ’ল। ডাঃ চৌধুৰীয়ে কয়, কংগ্ৰেছৰ আকোঁৰগোজ স্থিতিৰ বাবেই অসমত বিফল হ’ল বিৰোধী মিত্ৰতা। 

আপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰাৰ পাছত কংগ্ৰেছে শোণিতপুৰ আৰু ডিব্ৰুগড়ৰ আসনৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ নকৰি তেওঁলোকে প্ৰমাণ কৰিলে যে  বিজেপিক পৰাস্ত কৰাৰ কোনো আগ্ৰহ কংগ্ৰেছৰ নাই। কংগ্ৰেছৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক মন্তব্য প্ৰকাশ কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।