NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট চিকিৎসক ডাঃ ইলিয়াছ আলী আৰু উদ্ভাৱক উদ্ধৱ ভৰালীলৈ ‘পদ্ম’ সন্মান

Posted by: এন ই নাও নিউজ January 26, 2019 10:27 am
Untitled-1 copy (23)

অসমৰ বিশিষ্ট শল্য চিকিৎসক ডাঃ ইলিয়াছ আলী আৰু প্রসিদ্ধ উদ্ভাৱক লখিমপুৰৰ উদ্ধৱ কুমাৰ ভৰালীক ২০১৯ চনৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। দুগৰাকী অসম সন্তান সমাজসেৱক-চিকিৎসক ইলিয়াছ আলী আৰু দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় বহু যন্ত্ৰৰ উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালীক পদ্মশ্ৰী সন্মান আগবঢ়োৱাত ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকে উৎফুল্লিত হৈ পৰিছে।

দৰং জিলাৰ চেঙেলীয়াঝাৰৰ ওচৰৰ জজিয়াত জন্মগ্ৰহণ কৰা প্ৰখ্যাত শল্য চিকিৎসক ইলিয়াছ আলীয়ে পুৰুষৰ বন্ধ্যাকৰণ পদ্ধতি ব্যৱহাৰ কৰি জনবিস্ফোৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি সমাজলৈ অতুলনীয় বৰঙণি আগবঢ়াইছে। বিশেষকৈ চৰ-চাপৰিৰ মুছলমান সম্প্ৰদায়ৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত পুৰুষৰ বন্ধ্যাকৰণৰ ব্যৱস্থা একক অভিযানেৰে ৰূপায়ণ কৰি বিৰল দৃষ্টান্ত দাঙি ধৰিছে।

আনহাতে, দৈনন্দিন জীৱনযাত্ৰাৰ বাবে প্ৰয়োজন হোৱা ১৪৯ বিধ যন্ত্ৰ উদ্ভাৱন কৰি উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালীয়ে সমাজলৈ অনবদ্য বৰঙণি আগবঢ়াইছে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী উদ্ধৱ ভৰালীয়ে এই আৱিষ্কাৰৰ জৰিয়তে ইতিমধ্যে তিনিটা আন্তৰ্জাতিক বঁটা, ১৩টা ৰাষ্ট্ৰীয় বঁটা আৰু ১১টা ৰাজ্যিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

ইপিনে, পেছাত এগৰাকী অভিযন্তা লখিমপুৰৰ কে বি ৰোড নিৱাসী উদ্ধৱ কুমাৰ ভৰালীয়ে চৰকাৰী চাকৰি ত্যাগ কৰি যন্ত্ৰ আৱিষ্কাৰৰ এই উদ্ভাৱনী কামত দীৰ্ঘদিন ধৰি আত্মনিয়োগ কৰি আহিছে। ভৰালীৰ আৱিষ্কাৰ সন্দৰ্ভত ডিস্ক’ভাৰী, বি বি চি আদি চেনেলে ইতিমধ্যে বিশদভাৱে সম্প্ৰচাৰ কৰিছে।