NORTHEAST NOW (Assamese)
দেশ

পঞ্চভূতত বিলীন হ’ল ড০ মনমোহন সিং : অন্তিম যাত্ৰাত ভাগ ল’লে অজস্ৰ গুণমুগ্ধই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 28, 2024 12:15 pm
পঞ্চভূতত বিলীন হ’ল ড০ মনমোহন সিং : অন্তিম যাত্ৰাত ভাগ ল’লে অজস্ৰ গুণমুগ্ধই

শনিবাৰে পুৱা ঠিক ১১.৪৫ বজাৰ লগে লগে অন্ত্যোষ্টিক্ৰিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ডমনমোহন সিঙৰ।

ইয়াৰ পূৰ্বে দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কেইবাজনো শীৰ্ষ নেতা আৰু আত্মীয়ই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁ নশ্বৰ দেহ লৈ এক শোভাযাত্ৰা কৰা হয়।

সিঙৰ মৃতদেহ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ অনাৰ সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, গৌৰৱ গগৈ, কে চি ভেনুগোপালকে ধৰি বহুকেইজন নেতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দিল্লীৰ নিগমবোধ ঘাটত শেষকৃত্য কৰা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে সম্পন্ন কৰা হৈছে শেষকৃত্য।

উল্লেখ্য যে অহা ১ জানুৱাৰীলৈ ৭ দিনীয়া ৰাষ্ট্ৰীয় শোককাল ঘোষণা কৰা হৈছে। এই সময়ছোৱাত দেশজুৰি অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা।