NORTHEAST NOW (Assamese)
Popular Stories

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 4, 2025 10:56 am

চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰৰ অকাল নিধন। পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত বিদ্যুৎস্পৃষ্ট হৈ ডাঃ ৰূপলীন ৰংপিপীয়ে মৃত্যুক আকোঁৱালি লয়।

বৃহস্পতিবাৰে নিশা ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা।

নিশা অহা ধাৰাসাৰ বৰষুণ আৰু ঢেৰেকণিৰ বাবে ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈছিল চিকিৎসকগৰাকী।

সেই সময়তে বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যুক আঁকোৱালি ললে ডাঃ ৰূপলীন ৰংপিপীয়ে।

উমপানাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত অতিকৈ দুৰ্গম অঞ্চল ক্ৰকেংদাঙত সমূহীয়া চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিল ডাঃ ৰূপলীন ৰংপিপী।

চিকিৎসকগৰাকীৰ অনাকাংক্ষিত মৃত্যুত স্বাস্থ্যবিভাগৰ লগতে জিলাখন আৰু অনুৰাগী সমাজৰ মাজত শোকৰ ছাঁ পৰিছে।