NORTHEAST NOW (Assamese)
অসম

নগাঁও জিলাৰ আঠটা বিধান সভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2020 5:15 pm
a download

অসম বিধান সভাৰ নিৰ্বাচনৰ দিন সমাগত।

এনে সময়তে বিভিন্ন ঠাইত ভোটাৰ তালিকাৰ খচৰা প্ৰস্তুতৰ কাম তৰিৎ গতিৰে চলি আছে।

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আজি নগাঁও জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা জিলাখনৰ বিধানসভা সমষ্টি ক্ৰমে- ৰহা, নগাঁও সদৰ, বটদ্ৰবা, ধিং, ৰূপহী, বঢ়মপূৰ আৰু চামগুৰিৰ বাবে ভোটাৰ তালিকা-২০২১ ৰ খচৰা প্ৰকাশ কৰা হয়।

এই অনুসৰি অহা ১৫/১২/২০২০ তাৰিখৰলৈকে খচৰা ভোটাৰ তালিকাৰ ওপৰত অভিযোগ আৰু আপত্তি সমূহ নিৰ্দিষ্ট এলেকাৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু নিজৰ নিজৰ নিৰ্দিষ্ট ভোট কেন্দ্ৰ সমূহত গ্ৰহণ কৰা হব।

এই অভিযোগ আৰু  আপত্তি সমূহ অহা ৫/১/২০২১ তাৰিখৰ ভিতৰত নিস্পতি কৰা হব।

অহা ১৫/১/২০২১ তাৰিখে চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হব বুলি জানিবলৈ দিছে নগাঁও জিলা প্ৰশাসনে ।