NORTHEAST NOW (Assamese)

আহাৰৰ এদিন নাট আৰু কেলিগোপাল অংকীয়া ভাওনাই জীপাল কৰিলে বিশ্ববিদ্যালয়ৰ প্ৰাঙ্গণ

March 17, 2022 8:39 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

অসমীয়া নাটক আৰু ভাওনাক বিশুদ্ধ ৰূপত জগতসভালৈ লৈ যোৱাৰ প্ৰয়াসত ব্রতী এদল তৰুণ-তৰুণী। ইয়াৰ বাবেই “মুক্তি সাধকম্” নামেৰে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদত।

এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে আহাৰৰ এদিন নামৰ এখনি নাট আৰু অংকীয়া ভাওনা কেলিগোপাল মঞ্চস্থ কৰে।

পৰিবেশ্য কলা বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দিপাংকৰ দত্তৰ তত্বাৱধানত এই অনুষ্ঠানটি আয়োজিত হয়।

লগতে পঢ়ক: প্ৰস্তাৱিত শান্তি আলোচনা সন্দৰ্ভত পৰেশ বৰুৱা: ‘সাৰ্বভৌমত্বৰ বিষয়টো ত্যাগ কৰিব নোৱাৰি’

বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সু-নিপুণ নাট্য শৈলী প্ৰকাশ পায় আহাৰৰ এদিন নাট খনত। নাটখন পৰিচালনা কৰে বিভাগীয় সহকাৰী  অধ্যাপক ৰূপান্তৰ বৰপাত্ৰ গোহাঁয়ে।

আনহাতে, মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি ৰাজিক অমৰ কৰি ৰখাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে বহুবাৰ বজ্ৰাৱলী ভাষাত মঞ্চস্থ কৰি আহিছে অংকীয়া ভাওনা।

মুক্তি সাধকম অনুষ্ঠানটিত সহকাৰী অধ্যাপক বৰিশ দত্তৰ পৰিচালনাৰে প্ৰদৰ্শন হয় কেলিগোপাল নাট। এই অনুষ্ঠানৰ শুভাৰম্ভণী কৰে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। 

Related News