NORTHEAST NOW (Assamese)
Popular Stories

শচীন নহয় দ্ৰাবিড়হে ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ টেষ্ট বেটছমেন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 1:19 pm

ভাৰতৰ টেষ্ট ক্ৰিকেট ইতিহাসত টেকনিকেলি শচীন টেণ্ডুলকাৰ নে ৰাহুল দ্ৰাবিড় শ্ৰেষ্ঠ তাক লৈ বিভিন্ন জনে বিভিন্ন মত আগবঢ়াইছে যদিও শ্ৰেষ্ঠ বেটছমেনৰ স্বীকৃতি লাভ কৰিছে দ্ৰাবিড়ে।

উইজডেন ইণ্ডিয়াৰ অনলাইন ভোটিঙত শচীন টেণ্ডুলকাৰৰ দৰে কিম্বদন্তী বেটছমেনক অতিক্ৰম কৰি ৰাহুল দ্ৰাবিড়ে এই কৃতিত্ব অৰ্জন কৰিছে।

সৰ্বকালৰ শ্ৰেষ্ঠ বেটছমেনজন বিচাৰি উইজডেনে ফেইচবুকৰ জৰিয়তে ভোটিঙৰ আয়োজন কৰিছিল। আৰি এই ভোটিঙত মুঠ ১১,৪০০ ভোটৰ ৫২ শতাংশ ভোটেই লাভ কৰে দ্ৰাবিড়ে।

১৬ গৰাকী ভাৰতীয় বেটছমেনক লৈ আয়োজন কৰা এই ভোটিঙত সুনীল গাভাস্কাৰ আৰু বিৰাট কোহলীও আছিল।

উইজডেন ইণ্ডিয়াই তেওঁলোকৰ প্ৰতিবেদনত কয়, ‍‘ফাইনেলৰ বাবে ১১,৪০০ অনুৰাগীয়ে ভোটিঙত অংশ লৈছিল আৰু ইয়াৰে ৫২ শতাংশ ভোট দ্ৰাবিড়ে লাভ কৰে। তেওঁ মঙলবাৰৰ পুৱালৈকে শচীনতকৈ পিছ পৰি আছিল, কিন্তু পিছত তেওঁৱেই সৰ্বাধিক ভোট লাভ কৰে’।

উল্লেখ্য যে টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন দুজনেই হ’ল শচীন টেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়।

দুটা দশকৰো অধিক কালত শচীনে ২০০ খন টেষ্ট খেলি ৫৩.৭৮ গড়ে ১৫,৯২১ ৰান কৰে। টেষ্টত শচীনে ৫১ টা শতক অৰ্জন কৰিছে।

আনহাতে, ১৬ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ টেষ্টত ৩৬ টা শতক অৰ্জন কৰা দ্ৰাবিড়ে ১৬৩ খন মেচত ৫২.৬৩ গড়ে কৰে ১৩,২৬৫ ৰান।