NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ গঁড় হত্যাত জড়িত ম’ষ্ট ৱাণ্টেড টাইখু ঝিম’মীক গুৱাহাটীৰ পৰা আটক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 11, 2019 10:14 pm
কাজিৰঙাৰ গঁড় হত্যাত জড়িত ম’ষ্ট ৱাণ্টেড টাইখু ঝিম’মীক গুৱাহাটীৰ পৰা আটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় চিকাৰৰ অন্যতম নায়ক চোৰাংচিকাৰীৰ মাজত মাষ্টৰ নামেৰে পৰিচিত টইখু ঝিম’মী নামৰ দুৰ্ধৰ্ষ চোৰাংচিকাৰীটোক বন বিভাগে আজি আটক কৰিবলৈ সক্ষম হয়। আটকাধীন টইখু ডিমাপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

এক গোপন সূত্ৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্যপ্ৰাণী অপৰাধ শাখাৰ সহযোগত গুৱাহাটীৰ নাগালেণ্ড অতিথিশালাৰ পৰা দুৰ্ধৰ্ষ চোৰাংচিকাৰীটোক আটক কৰে।

প্ৰপ্তা তথ্য মতে টইখু  ঝিম’মী  নামৰ চোৰাংচিকাৰীজন কাজিৰঙাৰ একাধিক গঁড় হত্যাৰ মাষ্টাৰ মাইণ্ড আছিল ৷ নাগালেণ্ডৰ পৰা গঁড় হত্যাৰ বাবে কৰা যোগাযোগ আৰু অস্ত্ৰ যোগানৰ আঁৰত আছিল টইখু  ঝিম’মী।

টইখু  ঝিম’মীৰ নেতৃত্ব আৰু পৰিচালনাতে কাজিৰঙাত একাধিক গঁড় হত্যা কৰা হৈছিল ৷ গুৱাহাটীত কৰায়ত্ত কৰা টইখু  ঝিম’মীক আজি কাজিৰঙালৈ অনা হয় আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।