NORTHEAST NOW (Assamese)

ব্ৰাছ কৰাৰ আগতেই কিয় পানী খাব লাগে?

February 20, 2020 5:10 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ৰাতিপুৱা ব্ৰাছ কৰাৰ আগতেই পানী খোৱাৰ অভ্যাস গঢ়ি তোলাৰ চেষ্টা কৰক—কাৰণ ই শৰীৰৰ বাবে উপকাৰী।

শুই থাকোতে দেহে আমি খোৱা পানীখিনি ব্যৱহাৰ কৰি পেলায়। সেয়ে পুৱা সাৰ পোৱাৰ সময়ত পানী সেৱনে ইয়াক ৰিহাইড্ৰেট কৰে।

শুই থকাৰ সময়ত ৰাতিটোৰ ভিতৰতে মুখ গহ্বৰৰ বেক্তেৰিয়াসমূহ বহুগুণে বৃদ্ধি পায়। পুৱাই পানী সেৱনে মুখৰ ভিতৰভাগ পৰিস্কাৰ কৰি তোলে।

তাৰোপৰি, পানী সেৱনৰ পিছত ব্ৰাছ কৰা কামটো অধিক ফলদায়ক হয়।

পুৱাই পানী সেৱনৰ গেষ্ট্ৰাইটিছ, বদহজমৰ পৰা আৰম্ভ কৰি ৰক্তচাপ, চুগাৰ আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰতো ধনাত্মক প্ৰভাৱ আছে।

Related News