NORTHEAST NOW (Assamese)
Popular Stories

খালী পেটত নেমুৰ পানী কিমান উপকাৰী? ৩০ দিন খালে নাইকিয়া হ’ব ৫টা সমস্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 5, 2025 7:30 am

সময়ৰ লগে লগে ওজন কমাবলৈ খালী পেটত গৰম পানীৰ লগত নেমুৰ ৰস মিহলাই খোৱাৰ প্ৰথা বাঢ়িছে। ইয়াৰ উপৰিও পেটটো সুস্থ কৰি ৰখাৰ বাবেও এই পানীয়ৰ একাধিক উপকাৰ আছে। কিন্তু একাংশ পুষ্টিবিদে কয় যে এই পানী কেইদিনমান খালে কোনো সুফল পোৱা নাযায়। বৰঞ্চ একেৰাহে ৩০ দিন নেমুৰ ৰসৰ লগত মিহলি পানী খালে একাধিক উপকাৰ পোৱা যায়।

খাদ্যত নিমখৰ পৰিমাণ প্ৰতিদিনে বাঢ়িছে! ইয়াৰ ক্ষতি কি, নতুন গৱেষণাৰ পৰা জানিব পৰা গৈছে

১)নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে।ফলত খালী পেটত নিয়মিতভাৱে খালে গাৰ ছাল জিলিকি উঠে। একে সময়তে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

২) এই মিশ্ৰণ নিয়মিতভাৱে সেৱন কৰিলে ভোক নিয়ন্ত্ৰণত থাকে। ফলত দীৰ্ঘম্যাদীভাৱে ওজন কমাবলৈ সহায় কৰে।

৩) পেটৰ সমস্যাৰ বাবে এই পানীয় উপকাৰী। পাচন আৰু গেছৰ সমস্যা বহুলাংশে নিয়ন্ত্ৰণত থাকে।

৪)নেমুৱে মুখ বা ছালত বেয়া দুৰ্গন্ধ সৃষ্টি কৰা বীজাণু ধ্বংস কৰাত সহায় কৰে।

৫)নেমুৰ বাকলি পানীৰ লগত মিহলাই দিলেও পানীৰ সোৱাদ ভাল হয়। ফলত অধিক পানী খোৱা হয়। সেয়েহে শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰখাত সহায়ক হয়।