NORTHEAST NOW (Assamese)
Popular Stories

Dangers Of Drinking Too Much Water: বেছি পানী খোৱাটো বিপদজনক! অধিক পানী খালে কি হ’ব পাৰে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2022 2:50 pm

পানীয়েই জীৱন। কম পানী খোৱাটোৱে শৰীৰৰ ক্ষতি কৰে। কিন্তু ইয়াৰ বিপৰীতটোও সঁচা। অত্যাধিক পানী খোৱাটোও ভাল নহয়। বৃক্ক আৰু হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি হ’ব পাৰে। তেজৰ ঘনত্ব হ্ৰাস হ’ব। শৰীৰত নিমখৰ পৰিমাণ হ্ৰাস কৰিব পাৰে। শৰীৰ, মুৰ ফুলিব পাৰে। মুৰৰ বিষৰ পৰা উশাহ চুটি হোৱালৈকে সমস্যা হ’ব পাৰে।

শৰীৰ সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ পানীৰ কোনো বিকল্প নাই। পানী খালে মুৰৰ বিষ হ্ৰাস কৰে। পেশীৰ শক্তি বৃদ্ধি পায়। হাড়ৰ যোৰা আৰু কাৰ্টিলেজ সুৰক্ষিত কৰে। ছালখন ধুনীয়া কৰি ৰাখে। ওজন হ্ৰাস কৰে। শৰীৰত জলীয় পদাৰ্থৰ ভাৰসাম্য বজাই ৰাখে। পানীয়ে শৰীৰৰ প্ৰতিটো অংগ সুস্থ কৰি ৰাখে।

প্রতিনিধিত্বমূলক ফটো।

পানীয়ে মূৰ বা চকু, দাঁত, হৃদযন্ত্ৰ, হাঁওফাঁও,বৃক্ক, যকৃত, পাচন তন্ত্ৰ, খাদ্যনলীৰ কাৰ্য স্বাভাৱিক কৰি ৰাখে। কম পানী খোৱাটোৱে শৰীৰৰ ক্ষতি কৰে। প্ৰায় সকলোৱে এই কথা জানে। কিন্তু আপুনি অত্যাধিক পানী খালেও মাৰাত্মক বিপদ ঘটিব পাৰে।

চিকিৎসকসকলে কয় যে অধিক পানী খোৱাৰ ফলত তেজত ছডিয়ামৰ পৰিমাণ হ্ৰাস হয়। ফলস্বৰূপে, বমি অহা, ভাগৰ, টোপনি, অত্যাধিক প্ৰস্ৰাৱ আৰু মুৰৰ বিষ হয়। অধিক পানী খালে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি হয়। হৃদযন্ত্ৰৰ ওপৰত অপ্ৰয়োজনীয় চাপ বাঢ়ে। হাৰ্ট এটেক হ’ব পাৰে।

প্রতিনিধিত্বমূলক ফটো।

অতিৰিক্ত পানীয়ে বৃক্ক ফিল্টাৰ কৰাৰ প্ৰক্ৰিয়া ব্যাহত কৰে। কোষবোৰত অতিৰিক্ত পানী গ’লে শৰীৰৰ কোষবোৰ ফুলি যায়। মুৰৰ কোষবোৰো ফুলিব পাৰে। ইয়াৰ ফলস্বৰূপে মগজুৰ ষ্ট্ৰোক হ’ব পাৰে। অতিৰিক্ত পানীয়ে শৰীৰত পটাছিয়ামৰ পৰিমাণ হ্ৰাস কৰে। ফলত বুকুৰ বিষ আৰম্ভ হয়। যকৃতৰ সমস্যা বাঢ়ি গৈ থাকে। পেটৰ বিষ আৰম্ভ হয়। কেৱল সেয়াই নহয়, চিকিৎসকসকলে দাবী কৰে যে প্ৰয়োজনতকৈ অতিৰিক্ত পানী শৰীৰলৈ গ’লে মৃত্যু হ’ব পাৰে।

কিছুমান দিনে ৮ গিলাচ পানী খাব লাগে বুলি কয়, আন  কিছুমানে কয় যে ২ লিটাৰ পানী যথেষ্ট। কিন্তু সকলোৰে শৰীৰক একেই পানীৰ প্ৰয়োজন নহয়। শৰীৰত পানীৰ চাহিদা শৰীৰৰ আকৃতি আৰু আমি কিমান কাম কৰোঁ, আমি কেনে ধৰণৰ খাদ্য খাওঁ তাৰ ওপৰত নিৰ্ভৰ কৰে।

প্রতিনিধিত্বমূলক ফটো।

চিকিৎসকে কয় যে ব্যক্তিজনৰ যিমান ওজন তাক ৩০ ৰে হৰণ কৰিলে যি সংখ্যা ওলায় তেওঁ দৈনিক সিমান লিটাৰ পানী খাব লাগে। যদি আপুনি প্ৰতিদিনে আধা ঘণ্টাৰ ব্যায়াম কৰে তেন্তে আপুনি অতিৰিক্ত ৭০০ মিলি লিটাৰ পানী খাব লাগিব। অধিক পাচলি আৰু ফলমূল খালে পানী অলপ কম খালে কোনো ক্ষতি নহয়। কিয়নো আমি গ্ৰহণ কৰা পানীৰ ২০-২৫ শতাংশ খাদ্যৰ পৰা আহে।

গতিকে পানী কমো নহয়, বেছিও নহয়। বিপদ এৰাই চলিবলৈ আপুনি হিচাপ ৰাখি পানী খাব লাগিব।