NORTHEAST NOW (Assamese)
দেশ

গাড়ী চলাই থকা অৱস্থাতে চালকৰ হাৰ্ট এটেক, মহতিয়ালে ধৰ্মযাত্ৰাতঃ দুজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2024 7:36 pm
Driver suffers heart attack

ৰাজস্থানৰ নগৌৰ জিলাত আজি সংঘটিত হৈছে এক শোকাৱহ ঘটনা। গাড়ী চলাই থকা অৱস্থাতে চালকৰ হাৰ্ট এটেক অহাৰ ফলত সংঘটিত হৈছে এক প্ৰাণনাশী দুৰ্ঘটনা।

এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন লোক আহত হৈছে। প্ৰকাশিত খবৰ অনুসৰি, অঞ্চলটোত আজি বিশ্বকৰ্মা জয়ন্তী উপলক্ষে এক ধৰ্মীয় শোভাযাত্ৰা উলিয়াইছিল স্থানীয় লোকসকলে।

শোভাযাত্ৰাটোত শিশুৰ পৰা মহিলালৈকে বহু লোকৰ সমাগম হৈছিল। আনহাতে শোভাযাত্ৰাটোৰ ঠিক পিছফালে মন্থৰ গতিৰে যাত্ৰা কৰি আছিল এখন বলেৰ’ বাহন।

হঠাতে বলেৰ’ বাহনখনৰ চালকজন হাৰ্ট এটেকত আক্ৰান্ত হয় আৰু বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। মুহূৰ্ততে বাহনখনৰ গতি দ্ৰুত হৈ পৰে আৰু শোভাযাত্ৰাত অংশ লোৱা বহুকেইজন লোকক মহতিয়াই নিয়ে।

বাহনখনৰ খুন্দাত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত আন তিনিজন লোকক আজমেৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনাস্থলীত থকা চিচিটিভি কেমেৰাত এই সমগ্ৰ দৃশ্য বন্ধ হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।