NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত আৰক্ষীৰ অভিযানত ব্ৰাউন চুগাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

August 22, 2020 10:43 am · এন ই নাও নিউজ

ডিব্ৰুগড় জিলাৰ কালিবাৰী অঞ্চলত আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই ৩০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়।

এই অভিযানৰ সময়ত ডিব্ৰুগড় আৰক্ষীয়ে য়ুনিছ খান নামৰ এগৰাকী লোককো গ্ৰেপ্তাৰ কৰে।

‘‘বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পাছতে ডিব্ৰুগড় আৰক্ষী থানাৰ অ’ চি ৰাজীৱ শইকীয়াৰ নেতৃত্বত য়ুনিছ খানৰ গৃহত অভিযান চলোৱা হয় আৰু সন্দেহযুক্ত নিচাজাতীয় দ্ৰব্যখিনি উদ্ধাৰ কৰা হয়,’’ ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ টিয়ে সদৰী কৰে।

আনহাতে, ঘটনা সংক্ৰান্তত ডিব্ৰুগড় আৰক্ষী থানাত এন ডি পি এছ আইন ১৯৮৫ৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে বুলিও শ্ৰীজিথে লগতে জানিবলৈ দিয়ে।

উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা হ’ব বুলিও আৰক্ষীয়ে সদৰী কৰে।

জানিব পৰা মতে, ডিব্ৰুগড়ত দীৰ্ঘদিনৰ পৰা অবৈধভাৱে ড্ৰাগছৰ গোপান বেহা চলি আহিছে।

বিভিন্ন সময়ত আৰক্ষীয়ে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অপৰাধীক কৰায়ত্ত কৰি আহিছে যদিও অপৰাধী সকলে আইনৰ সুৰুঙাৰে জামিন লাভ কৰি পুনৰ এনেধৰণৰ নিষিদ্ধা কাৰ্য্যৰ সৈতে জড়িত হৈ পৰিছে।

Related News