NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ চন্দন নগৰত আৰক্ষীৰ অভিযান,ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন July 25, 2021 5:07 pm
golll

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।

এজন এজনকৈ ড্ৰাগছ ব্যৱসায়ী পৰিছে আৰক্ষীৰ জালত।

আৰক্ষীৰ প্ৰৱল অভিযানত  পুনৰ গোলাঘাট চহৰৰ মাজমজিয়াৰ চন্দন নগৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে এজন ড্ৰাগছ ব্যৱসায়ী ।

এক গোপন সূত্ৰৰ পম খেদি আজি গোলাঘাট আৰক্ষীয়ে  চহৰখনৰ চন্দন নগৰস্থিত  ড্ৰাগছ ব্যৱসায়ী জনাৰ্দন বৰদলৈৰ বাসগৃহত তালাচী চলাই   বাসগৃহত  লুকুৱাই থোৱা অৱস্থাত কিছু পৰিমাণে ড্ৰাগছ , চিৰিঞ্জ উদ্ধাৰ কৰাৰ লগতে ৰূপৰ জোতা আকৃতিৰ এবিধ সামগ্ৰী উদ্ধাৰ কৰে  ।

জানিব পৰা মতে  জনাৰ্দন বৰদলৈ ড্ৰাগছ আসক্ত হোৱাৰ লগতে বহুদিনৰ পৰা এই ড্ৰাগছ ব্যৱসায় চলাই আহিছিল ।

আজি এই অভিযানত জনাৰ্দন বৰদলৈ বাসগৃহত ড্ৰাগছ উদ্ধাৰ কৰি বৰদলৈক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে।