NORTHEAST NOW (Assamese)
অসম

চাপৰ আৰক্ষীৰ অভিযানত অবৈধ নিচাজাতীয় টেবলেট,কফ চিৰাপ জব্দ ,দুজনক গ্ৰেপ্তাৰ

Posted by: তিলক প্ৰসাদ Updated by: তিলক প্ৰসাদ June 9, 2021 1:03 pm
bbbnnn

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰৰ বেপাৰীপট্টিৰ ওচৰৰ এঠাইত এক গোপন সূত্ৰৰ পমখেদি চাপৰ আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই ৪৬ বোটল কফ চিৰাপ সহ আব্দুল ওহাব (২৬) আৰু আব্দুল চবুৰ (২৩) নামৰ দুই সৰবৰাহ কাৰিক আটক কৰিছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলে জানিবলৈ দিছে।

গ্ৰেপ্তাৰ কৰা দুজনক সোধ পোচ আৰু অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
আজি দীৰ্ঘদিন ধৰি বৃহত্তৰ চাপৰ অঞ্চলত ড্ৰাগছ ,টেবলেট, কফ চিৰাপ ,সুৰা আদি নিচা জাতীয় পদাৰ্থৰ ৰমৰমীয়া অবৈধ কাৰবাৰ সমাজ বিৰোধী চক্ৰবোৰে চলাই আছে।

ফলত বিশেষকৈ অধিকাংশ যুব প্ৰজন্মক এই মাৰাত্মক পদাৰ্থ সেৱন কৰোৱাই সুন্দৰ জীৱন পঙ্গু কৰি তিল তিল কৈ মৃত্যুৰ মুখলৈ ঠেলি দি আছে ।

ড্ৰাগছ তথা নিচাজাতীয় পদাৰ্থৰ অবৈধ প্ৰচলনৰ বিৰুদ্ধে সকলো ৰাইজ মাৰ বান্ধি থিয় দিব লাগে বুলি সচেতন মহলে মতপোষণ কৰিছে। আৰক্ষীয়ে ড্ৰাগছ ৰ বিৰুদ্ধে চলাই থকা অভিযানৰ ৰাইজে শলাগ লৈছে ৰাইজে।