NORTHEAST NOW (Assamese)
অসম

পূজাৰ বতৰত টীয়কত দুই যুৱকৰ পৰা সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক October 12, 2021 6:32 pm

যোৰহাট জিলাৰ লাহদৈগড় আৰক্ষী থানাৰ অন্তৰ্গত চিপাহীখোলা অঞ্চলৰ পৰা সন্দেহজনক ব্ৰাউন চুগাৰসহ দুই যুৱকক আজি ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে।

জানিব পৰা মতে বীৰ লাচিত সেনাৰ সদস্যই ৰাইজৰ সহযোগত হাতেলোটে উক্ত ড্ৰাগছ চক্ৰৰ লগত জড়িত যুৱকদ্বয়ক ধৰি আৰক্ষীক খবৰ দিয়ে।

খবৰ পাই লাহদৈগড় আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ যুৱকদ্বয়ক থানালৈ লৈ আহে।

আটকাধীন যুৱকদ্বয় ক্ৰমে চফিকুল হুছেইন আৰু প্ৰশান্ত হাজৰিকা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে লগতে জব্দ কৰিছে AS 03N 4126 নম্বৰৰ স্কুটি‌।

যুৱক দুজনৰ পকেটত ওলাইছে প্ৰায় ৪ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ।আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।