NORTHEAST NOW (Assamese)

কোভিডৰ চিকিৎসাৰ পৰা বাদ পৰিল জিংক- মাল্টি ভিটামিন, আৰু কি কি দৰৱ পৰিল বাদ?

June 7, 2021 11:02 pm · এন ই নাও নিউজ
Updated: June 7, 2021 11:03 pm

নিৰ্দিষ্ট কোনো দৰৱ নথকা ৰোগ কোভিড। বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসকসকলে লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি কোভিডৰ চিকিৎসা চলোৱাৰ লগতে ভাৰততো স্বাস্থ্য দপ্তৰ আৰু আইচিএমআৰে দিয়া দৰৱৰেই কোভিড ৰোগীৰ চিকিৎসা চলি আহিছে।

সময় যোৱাৰ লগে লগে কোভিড নিৰাময়ত কাৰ্যকৰী বুলি ভবা বহু দৰৱৰ প্ৰয়োগ বন্ধ কৰি দিয়া হৈছে।

সৌ সিদিনালৈ কোভিডৰ চিকিৎসাত হাইড্ৰক্সিক্লৰ’কুইন অতি কাৰ্যকৰী বুলি ভবা হৈছিল যদিো পিছত সেই দৰৱ বিধৰ প্ৰয়োগ কোভিড ৰোগীৰ ক্ষেত্ৰত বন্ধ কৰি দিয়া হৈছিল।

শেহতীয়াকৈ ভাৰতৰ স্বাস্থ্য দপ্তৰে কোভিড ৰোগীৰ চিকিৎসাত ব্যৱহাৰ হৈ থকা কেইবাবিধো দৰৱৰ প্ৰয়োগ বন্ধ কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে।

স্বাস্থ্য দপ্তৰৰ নতুন নিৰ্দেশনা অনুসৰি কোভিডৰ চিকিৎসাত এতিয়াৰে পৰা প্ৰয়োগ কৰিব নালাগে আইভাৰমেকটিন আৰু ডক্সিচাইক্লিন।কেৱল সেয়াই নহয়, কোভিডত আক্ৰান্ত জনে মুঠিয়ে মুঠিয়ে জিংক আৰু মাল্টি ভিটামিন খোৱাৰো কোনো প্ৰয়োজন নাই।

এনে অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰা জিংক আৰু মাল্টি ভিটামিনে শৰীৰৰ উপকাৰ সাধনৰ পৰিৱৰ্তে অপকাৰহে কৰাৰ আশংকা অধিক।

কোভিড ৰোগীৰ ক্ষেত্ৰত ৰোগ নিৰ্ধাৰণৰ বাবে ৰোগীক চিটি স্কেন কৰিবলৈ দিয়াৰ ক্ষেত্ৰতো পৰাপক্ষত এনে ব্যৱস্থা গ্ৰহণ নকৰিবলৈ স্বাস্থ্য দপ্তৰে চিকিৎসকসকলক কৈছে।

কোভিডৰ সাধাৰণ উপসৰ্গৰ ক্ষেত্ৰত কোনো দৰৱৰ প্ৰয়োজন নাই বুলিও কোৱা হৈছে।

ইয়াৰ পৰিৱৰ্তে মাস্ক পৰিধান, শাৰীৰিক দূৰত্ব বজাই ৰখা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আদি বিষয়তহে অধিক গুৰুত্ব দিবলৈ কোৱা হৈছে। পুষ্টিকৰ খাদ্য খাবলৈও পৰামৰ্শ দিয়া হৈছে।

Related News