NORTHEAST NOW (Assamese)
অসম

গুজৰাটৰ মুন্ধ্ৰা বন্দৰৰ পিছত এইবাৰ উত্তৰ-পূৰ্বাঞ্চলত জব্দ ৫০০ কোটি টকা মূল্যৰ ড্ৰাগছ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 7, 2021 9:15 pm

গুজৰাটৰ মুন্ধ্ৰা বন্দৰৰ পিছত এইবাৰ উত্তৰ-পূৰ্বাঞ্চলত জব্দ ৫০০ কোটি টকা মূল্যৰ ড্ৰাগছ।

মণিপুৰত নিৰাপত্তা বাহিনীয়ে আজি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

ম্যানমাৰ সীমান্তৰ মণিপুৰৰ মোৰেৰ ৱাৰ্ড নং ৩ ত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ এটা দলে অভিযান চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।

নিৰাপত্তা বাহিনীৰ দলটোৱে লগতে ম্যানমাৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা লোক জনৰ নাম মংকাল বুলি জানিব পৰা গৈছে।

তেওঁৰ ঘৰ ম্যানমাৰৰ কাম্পাট গাঁৱত বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে জব্দ কৰা ড্ৰাগছ খিনিৰ ভিতৰত আছে ৫৪ কিলোগ্ৰাম ব্ৰাউন চুগাৰ,১৫৪ কিলোগ্ৰাম মেথামফেটামিন।