NORTHEAST NOW (Assamese)
অসম

বিমানত মদৰ নিচাত সহযাত্ৰীৰ গাতে প্ৰস্ৰাৱ কৰি দিলে এজন যাত্ৰীয়ে; অভিযুক্ত এক ভাৰতীয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2025 6:19 pm

মদৰ নিচাত মাতাল আছিল। নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বিমানত থকা সহযাত্ৰী এজনৰ গাতে প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ভাৰতীয় লোকৰ বিৰুদ্ধে।

বুধবাৰে এয়াৰ ইণ্ডিয়া দিল্লী-বেংকক বিমানত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, অভব্য আচৰণৰ বলি হৈছে এটা কোম্পানীৰ পৰিচালন সঞ্চালক।

ইতিমধ্যে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই এক বিবৃতি জাৰি কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে। এই ঘটনাৰ আঁৰত আন কিবা কাৰণ আছে নে নাই তাৰ তদন্ত চলি আছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে এই সন্দৰ্ভত সোধপোছ কৰা হৈছে বুলি জানিবলৈ দিয়ে। সেই বিমান সংস্থাটোৰ সৈতেও কথা পাতিব বুলি জনাইছে। কিবা গাফিলতি থাকিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইয়াৰ পূৰ্বেও এয়াৰ ইণ্ডিয়াৰ এখন বিমানে একেধৰণৰ ঘটনাৰ সাক্ষী হৈছিল। এগৰাকী যাত্ৰীয়ে মদ্যপান কৰি এগৰাকী বৃদ্ধাৰ গাত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উঠিছিল।