NORTHEAST NOW (Assamese)
Popular Stories

মদ খাই কুঁৱাত পৰিল মদাহী ; তিনিঘণ্টাৰ পিছত উদ্ধাৰ কৰিলে আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 1, 2023 1:39 pm

বুধবাৰে নিশা গুৱাহাটী মহানগৰীৰ নয়নপুৰ এলেকাত এটা দ কুঁৱাত এগৰাকী ব্যক্তি পৰি যায়। জানিব পৰা মতে সুৰাৰ ৰাগীত মাতাল ব্যক্তিজনে নিয়ন্ত্ৰণ হেৰুৱাই কুঁৱাটোত বাগৰি পৰে। 

সূত্ৰৰ পৰা জানিব পৰা মতে,  সুৰাসক্ত আদবয়সীয়া লোকজন নয়নপুৰৰ ২ নং বাই লেনত থকা নিজৰ বাসগৃহৰ সমীপতে দ কুঁৱাত পৰি যায়।

লগতে পঢ়কঃ মৃতদেহৰ সৈতে যৌন সম্পৰ্ক গঢ়াটো ভাৰতীয় আইন মতে অপৰাধ নহয় : কৰ্ণাটক উচ্চ ন্যায়ালয়

তিনি ঘণ্টা ধৰি কুঁৱাটোৰ ভিতৰতে আবদ্ধ হৈ থকাৰ পিছত স্থানীয় কেইজনমান লোকে তেওঁক কুঁৱাটোৰ ভিতৰত প্ৰত্যক্ষ কৰে। তাৰপিছত আৰক্ষীক খবৰ দিয়া হয়। আৰু আৰক্ষী আহি স্থানীয় লোকৰ সহযোগত কুঁৱাটোৰ পৰা ব্যক্তিজন উদ্ধাৰ কৰে।

উদ্ধাৰকাৰীয়ে বহু সংগ্ৰামৰ অন্তত লোকজনক সফলতাৰে কুঁৱাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়।

জানিব পৰা মতে সুৰাৰ নিচাত কুঁৱাত বাগৰি পৰা লোকজনৰ নাম ৰিণ্টু বৰুৱা।

লগতে পঢ়কঃ এফালে পৰিবহন নিগমৰ ৭০০ৰো অধিক কৰ্মচাৰীক চাফাই : আনফালে তিনিচুকীয়াত জ্বলি উঠিল বাছ