NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়া আৰু ডিব্ৰুগড়ত আজিৰ পৰা ১১ এপ্ৰিললৈ ড্ৰাই ডে’ ঘোষণা জিলা প্ৰশাসনৰ

Posted by: এন ই নাও নিউজ April 9, 2019 5:33 pm
Dry Day

আগন্তুক লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা প্ৰশাসনে জিলা দুখনত ৯ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ ড্ৰাই ডে’ ঘোষণা কৰিছে। এই কেইটা দিনত জিলা দুখনৰ সকলো ধৰণৰ সুৰাৰ বিপনী বন্ধ থকাৰ লগতে গোপনে কৰা সুৰাৰ প্ৰচলনৰ ওপৰত কঠোৰ দৃষ্টি ৰখা হ’ব।

আনহাতে, ২৩ মে’তো জিলা দুখনত ড্ৰাই ডে’ ঘোষণা কৰিছে প্ৰশাসনে। জিলা দুখনত প্ৰথম পৰ্য্যায়ত অৰ্থাৎ ১১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰশাসনৰ তৰফৰ পৰা ৰাজ্যত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আৰু নিৰ্বাচনৰ সময়ত সুৰা সেৱন কৰি যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰপ্ৰতি লক্ষ্য ৰাখি ড্ৰাই ডে’ ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ত  ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ অভিযানত বহু পৰিমাণৰ সুৰা জব্দ হৈ আহিছে।

জিলা দুখনৰ স্থানীয় আৰু সচেতন ৰাইজে প্ৰশাসনৰ এই সিদ্ধান্তক আদৰণি জনাইছে।