NORTHEAST NOW (Assamese)

২ আৰু ৩ মে’ত ৰাজ্যত ড্ৰাই ডে’ ঘোষণা

April 29, 2021 6:49 pm · এন ই নাও নিউজ
Updated: April 29, 2021 6:50 pm

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা উপলক্ষ্যে ২ আৰু ৩ মে’ত সমগ্ৰ ৰাজ্যতে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।

আজি আবকাৰী বিভাগে এক নিৰ্দেশনা যোগে এই দিন দুটাত ড্ৰাই ডে’ ঘোষণা কৰিছে ।

এই সম্পৰ্কীয় নিৰ্দেশনা সকলো জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিসকলৰ লগতে জিলাসমূহৰ আবকাৰী অধীক্ষকলৈ প্ৰেৰণ কৰা হৈছে।

অৱশ্যে যিকেইখন জিলাত  সকলো বিধানসভা সমষ্টিৰ ভোটগণনা তথা নিৰ্বাচনী ফলাফল ঘোষণা ৩ মে’ৰ দিনৰ ১১ বজাৰ পূৰ্বে সম্পূৰ্ণ হ’ব, সেই জিলাসমূহত ৩ মে’ৰ দিনা ড্ৰাই ডে’ৰ নাথাকিব।

ড্ৰাই ডেৰ সময়ছোৱাত সকলো দেশীয় তথা বিলাতী সুৰাৰ বিপনীৰ লগতে বাৰ আদি বন্ধ থাকিব।

নিয়ম ভংগকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা।

Related News