NORTHEAST NOW (Assamese)
অসম

ড্ৰাগছৰ বিৰুদ্ধে অভিযান! পুনৰ তিনি কিলোগ্ৰাম গাঞ্জাসহ দুজনক গ্ৰেপ্তাৰ দুধনৈ আৰক্ষীৰ

Posted by: নীলমনি শর্মা Updated by: নীলমনি শর্মা June 4, 2021 9:49 am
Drugs Dudhnoi

ৰাজ্যখনত শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এক ব্যাপক অভিযান আৰম্ভ কৰিছে আৰু বহুকেইজন ড্ৰাগছ সৰবৰাকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ মাজতে দুধনৈ থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিয়ে দুটা দিনত বেক টু বেক অপাৰেশ্যন চলাই দুটা বৃহৎ সাফল্য লাভ কৰিছে।

এদিন পূৰ্বে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত এটা দলে ১৪ গ্ৰামতকৈও অধিক ড্ৰাগছ সহ দুজন সৰবৰাহকাৰীক কৰায়ত্ত কৰিছিল।

তাৰ ঠিক এদিন পাছতে বৃহস্পতিবাৰে পুনৰ এক গোপন সূত্ৰৰ পম খেদি অভিযান চলায় আৰু দুধনৈৰ ৰাঙাগড়াৰ পংকজ নাথ নামৰ যুৱকজনৰ পৰা ১ কিল’গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

পংকজ নাথৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নিশাই আৰক্ষীয়ে কৃষ্ণাইৰ নোৱাপাৰাৰ আতোৱাৰ ইছলামৰ ঘৰৰ পৰা দুই কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে পংকজ নাথ আৰু আতোৱাৰ ইছলামক আটক কৰি আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কম দিনৰ ভিতৰতে এই গাঞ্জা ব্যৱসায়ীৰ লগত জৰিত হৈ থকা আন লোকসকল আৰক্ষীৰ জালত পৰিব ৷