NORTHEAST NOW (Assamese)
অসম

ৰন্ধন গেছৰ নাটনি!; ভোগালীত দুৰ্ভোগ ভূগিব নেকি ৰাজ্যবাসীয়ে?

Posted by: এন ই নাও নিউজ December 28, 2018 7:20 pm
Illegal godown of cooking gas uprooted in Golaghat

উজনি অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিলৈ ৰন্ধন গেছৰ যোগান ধৰা অইলৰ অতি গুৰুত্বপূৰ্ণ এল পি জি প্লাণ্টৰ দুটা যন্ত্ৰ আজি এসপ্তাহ জুৰি বিকল হৈ আছে। যাৰ ফলত ৰাজ্যখনত মাঘৰ বিহুৰ পূৰ্বে ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে।

কেন্দ্ৰীয় চৰকাৰ আৰু উদ্যোগ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই মিলি অইলৰ কেইবাখনো তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈ থকাৰ সময়তে এল পি জি প্লাণ্টৰ দুটাকৈ যন্ত্ৰ বিকল হৈ থকা স্বতেও নাই কোনো ধৰণৰ গুৰুত্ব।

উল্লেখযোগ্য যে আজি এসপ্তাহ জুৰি যন্ত্ৰ কেইটা বিকল হৈ থকাত এল পি জি প্লাণ্টটোৰ সন্মুখত আবদ্ধ হৈ পৰিছে শ শ এল পি জি কঢ়িওৱা গাড়ী। আনহাতে এল পি জি কঢ়িওৱা গাড়ীসমূহৰ চালকসকলৰ মাজতো প্লাণ্টটো বন্ধ হৈ থকাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে অইলেও বিগত এসপ্তাহে এল পি জি উৎপাদনত ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে।

অৱশ্যে এল পি জি প্লাণ্টটোৰ বিকল হৈ থকা যন্ত্ৰ দুটা কাৰ গাফিলতি তথা কাৰ অমনোযোগিতাৰ বাবে আজি এসপ্তাহ ধৰি বিকল হৈ থকাৰ পিছতো মেৰামতি কৰাত গুৰুত্ব প্ৰদান কৰা নাই সেয়া বৰ্তমানৰ ৰহস্যৰ আৱৰ্তত।