NORTHEAST NOW (Assamese)

ধনৰ অভাৱত বন্ধ দ্যুতি চান্দৰ অলিম্পিকৰ অনুশীলন; বিক্ৰী কৰিবলৈ সাজু হেঁপাহৰ BMW

July 12, 2020 9:46 am · এন ই নাও নিউজ
নিজৰ Bmwৰ সৈতে দ্যুতি চান্দ।

ভাৰতীয় স্প্ৰিন্টাৰ দ্যুতি চান্দে ২০১৮চনত তেলেংগানাৰ পৰা ৩০ লাখ টকাৰে এখন BMW 3 Seriesৰ গাড়ী কনিছিল।

নিজৰ হেঁপাহৰ সেই গাড়ীখন এতিয়া দ্যুতিয়ে বিক্ৰী কৰিবলৈ ওলাইছে।

লকডাউনৰ সময়ত নিজৰ অলিম্পিকৰ অনুশীলন ঠিকমতে চলা নাই খেলুৱৈগৰাকীৰ। যাৰ মূল কাৰণ হৈছে অৰ্থৰ অভাৱ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এটা সাক্ষাৎকাৰত দ্যুতি চান্দে কৈছে,’’স্পনছৰশ্বিপৰ অভাৱত কোনো প্ৰতিযোগিতা অনুষ্ঠিত নোহোৱাৰ বাবে ধন যোগাৰ কৰা এইটোৱেই একমাত্ৰ উপায়।‘’

তেওঁ কয়,’’ কৰ’না মহামাৰীৰ বাবে সকলো প্ৰতিযোগিতা বন্ধহৈ পৰিছে। অলিম্পিকৰ আৰু কোনো স্পনছৰশ্বিপ এতিয়া নাই। ইমানদিনে যি টকা উপাৰ্জন কৰিছিলো সেয়া এই কেইমাহত সম্পূৰ্ণ খৰচ হৈ গৈছে। এতিয়া গাড়ীখন বিক্ৰী কৰাৰ পথটোৱেই খোলা আছে।‘’

ইপিনে, বৰ্তমান এথলেটিকছ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ নিয়ম অনুসৰি তেওঁলোকে অনুশীলন আৰম্ভ কৰিব পৰা নাই। সেয়েহে, ফেডাৰেশ্যনৰ পৰা কোনো সাহায্য পোৱাৰ আশা নাই দ্যুতি চান্দৰ।

আনহাতে, দ্যুতিৰ অনুশীলনৰ বাবে ৰাজ্য চৰকাৰেই শেষ ভৰসা। তদুপৰি,KIIT বিশ্ববিদ্যালয়ৰ স্পনছৰশ্বিপ আছে যদিও তেওঁলোকে আগবঢ়োৱা ধন অনুশীলনত খৰচ হৈ গৈছে কিয়নো মহামাৰী নোহোৱা হ’লে অহা ২৩ জুলাইৰ পৰা অলিম্পিক আৰম্ভ হৈ গ’লহেঁতেন।

এতিয়া শেষ উপায় হিচাপে দ্যুতিয়ে তেওঁৰ জীৱনৰ প্ৰথমখন বিলাসী গাড়ী BMW 3 Series বিক্ৰী কৰিব লাগিব।

তেওঁ গাড়ীখন বিক্ৰী কৰাৰ বাবে এটা বিজ্ঞাপনো দিছে।  ২০১৮বৰ্ষত এছিয়া কাপৰ ৰূপ বিজয়ী দ্যুতি চান্দে কৈছে,’’মন বেয়া লগা নাই। বিভিন্ন প্ৰতিযোগিতাৰ পৰা পোৱা অৰ্থ সাহায্যৰে গাড়ীখন ক্ৰয় কৰিব পাৰিছিলো। এতিয়া প্ৰতিযোগিতাই বন্ধ হৈ যোৱাত কি কৰিম।‘’

নিজৰ আশা ব্যক্ত কৰি দ্যুতিয়ে লগতে কৈছে,’’ মহামাৰী এবাৰ শেষ হ’লে আকো প্ৰতিযোগিতা আৰম্ভ হ’ব। আকো অংশ গ্ৰহণ কৰিম, ধন উপাৰ্জন কৰিম আৰু পুনৰ বিলাসী গাড়ীও কিনিম। কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অলিম্পিকৰ বাবে নিজকে প্ৰস্তুত কৰি তোলা।‘’

Related News