NORTHEAST NOW (Assamese)
অসম

ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি ‘প্ৰায় নিয়মীয়া’ কৰাৰ নামত চৰ্ত আৰোপেৰে অসম চৰকাৰৰ ভয়ংকৰ প্ৰতাৰণা : ডি ৱাই এফ আই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 10:11 pm
Himanta-Biswa-Sarma-1-1140x570

উচ্চতৰ মাধ্যমিক, হাইস্কুল আৰু হাইমাদ্ৰাছাত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক ‘প্ৰায় নিয়মীয়া’ কৰাৰ নামত কেইবাটাও চৰ্ত আৰোপ কৰি ভয়ংকৰ প্ৰতাৰণা কৰিব ওলাইছে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰে, এয়া চৰম অন্যায় আৰু প্ৰৱঞ্চনা।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন [ডি ৱাই এফ আই]ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰি এইদৰে কোৱাৰ লগতে এনে অযুক্তিকৰ চৰ্ত বাতিল কৰিবলৈ দাবী জানায়।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ঠিকাভিত্তিক কৰ্মৰত ৫২৪৩ জন শিক্ষকক ‘প্ৰায় নিয়মীয়া’ কৰাৰ বাবে মাধ্যমিক শিক্ষা বিভাগৰ পৰা দিয়া কঠোৰ চৰ্তযুক্ত বিশেষ চুক্তি পত্ৰত স্বাক্ষৰ কৰিব লাগিব।

এই কঠোৰ নীতি-নিৰ্দেশনা যুক্ত চুক্তি পত্ৰ স্বাক্ষৰ কৰিলে তেওঁলোকে নিয়মীয়া শিক্ষকৰ দৰে দৰমহা আৰু অন্যান্য সা-সুবিধা লাভ কৰিব কিন্তু চুক্তি ভংগ কৰিলেই এইসকল ‘প্ৰায় নিয়মীয়া’ শিক্ষক-শিক্ষয়িত্ৰীক চাকৰিৰ পৰা বৰ্খাস্ত হ’ব।

চুক্তি পত্ৰৰ প্ৰধান চৰ্ত অনুসৰি মাধ্যমিক সঞ্চালকালয়ৰ দ্বাৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বছৰেকীয়া মূল্যায়ন কৰা হ’ব।

এনে বছৰেকীয়া মূল্যায়নৰ প্ৰতিবেদন সন্তোষজনক নহ’লে সংশ্লিষ্ট শিক্ষক-শিক্ষয়িত্ৰীক সঞ্চালকালয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰিব।

আন এক চৰ্ত অনুসৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে কৰ্মৰত শিক্ষানুষ্ঠানৰ পৰা আঠ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থাকিব লাগিব। কোনো শিক্ষকেই সংবাদ মাধ্যমৰ সন্মুখলৈ আহিব নোৱাৰিব।

শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণাৰে ঠিকাভিত্তিক শিক্ষক সকলক ‘প্ৰায় নিয়মীয়া’ কৰাৰ নামত যি প্ৰচাৰ দিছিল তাৰ অন্তৰালত যে এনে অপমানজনক আৰু ভয়ংকৰ চৰ্ত থাকিব পাৰে সেয়া ঘুণাক্ষৰেও জনোৱা নাছিল।

ডি ৱাই এফ আইয়ে এই চতাৰ্ৱালীক অপমানজনক আখ্যা দি এই চৰ্তাৱালীৰে কোনো শৈক্ষিক উত্তৰণ সম্ভৱ নহয় বুলি ক্ষোভ ব্যক্ত কৰিছে।

এই অপমানজনক চৰ্তাৱালীৰ অৰ্থ হ’ল- প্ৰতিটো মুহুৰ্ততে শিক্ষকসকলক শংকাৰ মাজত ৰখা আৰু শিক্ষক সমাজৰ মাজত বিভাজন সৃষ্টি কৰি সকলো গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰা।

ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে দাবী কৰে যে চৰকাৰে ‘প্ৰায় নিয়মীয়া’ কৰাৰ নামত এনে প্ৰতাৰণা বন্ধ কৰক।

শিক্ষকসকলে যাতে সম মৰ্যাদাৰে আৰু শংকাহীনভাৱে কাম কৰিব পাৰে তাৰ বাবে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি সম্পূৰ্ণ নিয়মীয়া কৰাৰ বাবেও সংগঠনটোৱে দাবী জনায়।